পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ভোমোৰা

গঢ়পিত দেখি তোৰ,
 তথাপিতো তোৰ,
 গুণ গুণ ৰৱ,
কাণত বাজেহি মোৰ।

 মনত—ঘনাই,
 মোৰ ইচ্ছা হয়,
লগত ফুৰিব তোৰ।
 কিন্তু তোৰ ভাব,
 লাহবাহ দেখি,
ভাবোঁ তোক বুলি চোৰ।

 বলিয়াৰ দৰে,
 চাৰি দিশে ঘুৰ,
অবাবত কাট দিন,
 নেভাব নিচিন্ত,
 নেসাঁচ একোকে
নেদেখে ভালৰ চিন।

 নেলাগে আহিব,
 কাষলৈ মোৰ,
নেচাঁও ভোমোৰা তোক,
 অবুজা ফুলক,