পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
স্বাস্থ্য আৰু প্ৰাৰ্থনা।

 বিশুদ্ধ আহাৰ—আমাৰ খোৱা আহাৰ সদাই বিশুদ্ধ হব লাগে। আহাৰে শৰীৰত বল তেজ আৰু শক্তি দিয়ে। আমি প্ৰতিদিনে শ্ৰম কৰোতে শৰীৰৰ যে ক্ষতি হয় সেই ক্ষতি আহাৰে পূৰণ কৰে। এই আহাৰ সদাই উত্তম আৰু নিৰ্দ্দোষ হব লাগে। আমাৰ আহাৰ সদাই নতুন আৰু ভালকৈ সিজোৱা পকোৱা হব লাগে। শৰীৰৰ পক্ষে ফলমূল উপকাৰী। কেচা বা গেলা পচা ফলমূল আহাৰ কৰিব নালাগে। আহাৰত আমি নিয়মীয়া হব লাগে। অপৰিমিত আহাৰে শৰীৰত ৰোগ জন্মায়। আহাৰ উচ্চ ধৰণৰ হব নালাগে। মাছ মঙহ, কণি, ঘিউ, মাখন, বাৰবিধ মছলা আদিৰে কৰা আহাৰতকৈ শাক পাচলি আৰু সাধাৰণ তৰকাৰীৰে কৰা ভোজন শৰীৰৰ পক্ষে উপকাৰী। হাটে ঘাটে বা বাটে পথে বিক্ৰি কৰা মিঠাই বা অন্যান্য আহাৰ খাওতে সদাই সাবধান হব লাগে। বাকচৰ ভিতৰত নোথাৱা মুকলিকৈ লৈ ফুৰোৱা বা মাখি পৰা আহাৰ বা মিঠাই কদাপি কোনো অৱস্থাতে খোৱা অযুগুত। লাঘোণে থকা ভাল বৰঞ্চ এনে আহাৰ খোৱাতকৈ। মাখি বহুত বেয়া বস্তুৰ ওপৰত পৰে। আকৌ সেই মাখি আহি খোৱা বস্তুত পৰিলে তাৰ সৰু সৰু ঠেঙত লাগি থকা মলিয়ন বস্তুবোৰে আন বস্তুকো মলিয়ন কৰে। কিম্বা বহুত ৰোগৰ বীজাণু বতাহত উৰি আহি এই খোৱাবন্তু বোৰৰ ওপৰত পৰে। মুকলিভাবে ৰখা আহাৰ কৰি বহুত মানুহে অকালতে মাৰাত্মক ৰোগত পৰি প্ৰাণ হেৰৱাইছে।