সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সাহিত্য-সম্পদ।

বস্তুৰ বীজাণু আমাৰ হাওফাঁওলৈ উশাহ লওঁতে সোমাই যাব পাৰে আৰু তাৰ ফলত আমাৰ শৰীৰত আৰোগ্য কৰিব নোৱাৰা টান বা কুৎসিৎ ব্যাধি হব পাৰে।

 নিৰ্ম্মল পানী—নিৰ্ম্মল পানী শৰীৰৰ ৰক্ষাৰ আন এটি আৱশ্যকীয় বস্তু। পানী দোষিত হলে বহুত ৰোগৰ উৎপত্তি হয়। জহনী গ্ৰহণী ৰোগ ঘাইকৈ পানীৰ দোষৰ পৰাই উৎপন্ন হয়। কলেৰা বেমাৰত গাৱে ভূয়ে কত মানুহে অকালতে প্ৰাণ হেৰৱায়। বাৰিষা নৈ খাল বিল পানীৰে ওপচি পাৰে। চাৰিও ফালৰ পৰা ময়লা বোৰ পানীত পৰি পানী মলিয়ন আৰু দোষিত হয়। এই পানী তপত কৰি ব্যৱহাৰ কৰিব লাগে। পানী তপতালে পানী শুদ্ধ হয় আৰু ইয়াত থকা ৰোগৰ বীজাণু বোৰ নাশ পায়। পানী চেকিলবলৈও নানা উপায় আছে। পানী চেকা প্ৰণালীৰে পানী চেকি পানী বিশুদ্ধ কৰি লব লাগে। পুখুৰিত বা নদীৰ কাষত গা ধোৱা বা কাপোৰ ধোৱা বা গৰু ছাগলী ধোবা ইত্যাদি কদাপি কৰিব নালাগে। কিয়নো সেইবোৰ বস্তুৰ মলি পানীত পৰি গোটেই পানী দোষিত হয়। খোৱাপানীৰ নাদ পকা হব লাগে। আৰু এই নাদৰ পানীত সময়ে সময়ে দৰবৰ পানী চটিয়াই শুদ্ধ কৰি লব লাগে। নগৰত থকা লোকে কলৰ চেকা পানী খাওতেও যে সাবধান হব নালাগে এনে নহয়। যেতিয়া কোনো ঠাইত ব্যাপক ৰোগে দেখা দিয়ে তেতিয়া পানী উতলাই খোৱাটো সৰ্ব্বপ্ৰকাৰে উচিত।