সন্ত আৰু দুষ্ট।
সমাজ উন্নত হয় সাধু আৰু সম্ভ লৈ। সমাজ তললৈ যায় দুষ্ট আৰু টটাটিঙ্গা লৈ। সন্তই দেশ উজ্জ্বল কৰে, দুষ্টই দেশ মনিয়ন কৰে। সন্ত সাধুৰ হকে ভাল কথা বাৰ্ত্তাৰ চৰ্চ্চা বাঢ়ে; দুষ্ট টটাটিঙ্গাৰ হকে বেয়া কথা বাৰ্ত্তাৰ আলোচনা বাঢ়ে। সন্তই সুযশ গুণৰ কীৰ্ত্তন কৰে; দুষ্টই কুযশ কুকথাৰ ৰটনা কৰে। সন্তৰ বাট সন্তৰ মতে পোন আৰু সৰল দুষ্টৰ বাট ঘূৰণ আৰু বেঁকা। এনেকৈ সন্ত আৰু দুষ্টৰ মাজত সদায় পাৰ্থক্য। এনেকৈ সন্ত আৰু দুষ্টৰ মাজত ডাঙ্গৰ প্ৰভেদ। আৰু এই প্ৰভেদ থকাৰ গুণেই মানব সমাজত সন্তৰ আদৰ, সন্তৰ আসন সদায় ওখত; আৰু দুষ্টৰ অনাদৰ আৰু দুষ্টৰ আসন সদায় নামনিত।
সংসাৰৰ পাক-চক্ৰ বুজা সকলোৰে পক্ষে সহজ কথা নহয়। সংসাৰৰ গতিৰ পাকে প্ৰতি পাক আছে, মেৰে প্ৰতি মেৰ আছে। এই পাকত আৰু মেৰত পৰি কেৱে সংসাৰৰ টলানলা বুজিব নোৱাৰি উৱাদিহ হেৰুৱাইছে; কেৱে বা দোপত দোপে, খোপত খোপে আগুৱাইছে। যেয়ে আগুৱাব পাৰিছে, তেওঁ জয়ী হৈছে আৰু অমিয় সুখত বঞ্চিব পাৰিছে। কিন্তু যেয়ে আগুৱাব পৰা নাই, তেওঁ সংসাৰক কাঁইটীয়া আৰু দুখ কষ্টৰ ঠাই বুলি দোষাৰোপ কৰিছে। সংসাৰ চক্ৰত জয়ী