পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মোৰ দেশ।


শৌৰ্য্য় বীৰ্য্য তেজ সেই প্ৰাচীন কালৰ,
প্ৰাচীন কীৰ্ত্তিৰে ভৰা এয়ে মোৰ দেশ,
প্ৰণমো প্ৰণমো যাৰ মহিমা অশেষ।

এযে সেই গুৱালপাৰ আজিৰ নামৰ,
বিজনী গউৰীপুৰ আদি বিভাগৰ ,
শোভিছে ইয়াতে সেই পদ্মপুৰাণৰ
নেটাই ধুবুনী ঘাট প্ৰসিদ্ধ নামৰ;
অসম নামেৰে মোৰ এয়ে সেই দেশ,
প্ৰণমো প্ৰণমো যাৰ মহিমা অশেষ।