বুদ্ধি আছে; সেইবিলাক গুণেই আপোনাৰ মন যে দেৱতাৰ তুল্য, তাৰ বিশেষ প্ৰমাণ দিছে। সেই মনত এই সংসাৰ যে অনিত্য আৰু অসাৰ, এই কথাৰ সম্পূৰ্ণ বোধ আছে; এতেকে দুখ বা হানিৰপৰা তাত বিকাৰ ন জন্মে। এই কাৰণ মই প্ৰবাসত থাকোঁতে মোৰ অল্পবুদ্ধি আৰু দুৰ্ম্মতি মাতৃয়ে মোৰ ভালৰ নিমিত্তে ব্যগ্ৰ হৈ যি ঘোৰ অপৰাধ কৰিছে, তাক ক্ষমা কৰোক। মই পুত্ৰৰ কৰ্ত্তব্যৰ দ্বাৰা আবদ্ধ; এতেকে তেওঁক জগৰৰ উপযুক্ত শাস্তি দিব নোৱাৰোঁ। মই মহামতি দশৰথৰ পুতেক আৰু পাপ, পুণ্য এই দুইৰ প্ৰভেদ জানো; এতেকে কেনেকৈ গৰিহিত কাম কৰিম? আমাৰ পৰম মান্য পিতৃ, ৰাজা দশৰথ লোক সকলৰ পূজ্য আছিল, আৰু দেৱতাৰ দৰে সভাক উজ্জ্বল কৰিছিল। তেওঁৰো নিন্দা কৰিব নোৱাৰোঁ। কিন্তু যুক্তি আৰু ধৰ্ম্মৰ বোধ থকা কোনো মানুহে তিৰোতাৰ কথা শুনি এনে অন্যায় আৰু ৰাজনীতিৰ বিৰুদ্ধ কাম কৰিব নোৱাৰে। বেদৰ বচন এটি মোৰ মনত পৰিছে, তাৰ অৰ্থ এই যে, মৃত্যু ওচৰ চাপিলে সকলো প্ৰাণীৰ বুদ্ধি আৰু শক্তিয়ে লোপ পায়; আমাৰ পিতৃৰাজাৰ কাৰ্য্যৰ দ্বাৰা সেই বচনৰ সত্যতা সপ্ৰমাণ হৈছে। আপুনি সৎপুত্ৰ, এতেকে কুপিত ভাৰ্য্যাৰ বশ হৈ, বিবেচনা নকৰাকৈ আমাৰ পিতৃয়ে যি অকৰ্ম্ম কৰিলে, আপুনি তাক মাৰ্জনা কৰিব লাগে। যি পুত্ৰে পিতৃৰ দোষ গণনা ন কৰে, তেওঁ হে স্বৰূপ পুত্ৰ, আৰু সকলোৰে আদৰ পায়। ইয়াৰ অন্যথা কৰিলে ওলোটা ফল হয়। আপুনি তেনে পুত্ৰ হওক,
পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২৫
অৱয়ব