পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰামচন্দ্ৰৰ প্ৰতি ভৰতৰ উক্তি।

 অযোধ্যাৰ ৰাজা, দশৰথে, তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰক যুবৰাজ পাতিবৰ ইচ্ছা কৰিলত তেওঁৰ প্ৰিয় ভাৰ্য্যা কৈকেয়ীয়ে সেই কথাত অমান্তি হৈ ৰামক বনলৈ পঠাই তেওঁৰ পুতেক ভৰতক যুবৰাজ কৰিবৰ নিমিত্তে কোৱাত বুঢ়া ৰজাই লাগী আৰু যুবতী ভাৰ্য্য়াৰ কথা পেলাব নোৱাৰি ইঙ্গিতেৰে সেই কথাত সম্মতি দিলে, আৰু তদনুসাৰে ৰামে বনলৈ যাত্ৰা কৰিলে। তেতিয়া ভৰত অযোধ্যাত নাছিল, উলটি আহি ৰামৰ বনবাসৰ, আৰু, আৰু সেই শোকত দশৰথ-ৰাজাৰ মৃত্যু হোৱাৰ, বাৰ্ত্তা পাই অত্যন্ত শোকেৰে ৰামক বিচাৰি গৈ তেওঁৰ আগত তলত লিখা কথাবিলাক কয়। তাৰদ্বাৰা নিজ জ্যেষ্ঠ ৰামচন্দ্ৰলৈ তেওঁৰ যিমান চেনেহ আৰু ভক্তি আছিল, সি উত্তমৰূপে প্ৰকাশ পাইছে।

 ভৰতে কলে, “হে শত্ৰুনাশক। পৃথিবীত অপোনাৰ তুল্য কোন আছে? আপুনি দুখত কাতৰ ন হয়, সুখেও আপোনাৰ অহঙ্কাৰ বঢ়াব নোৱাৰে। বুঢ়া লোকবিলাকেও আপোনাক সৎকাৰ কৰে, আৰু কোনো কথাত সংশয় হলে আপুনিও তেওঁ বিলাকৰ পৰামৰ্শ লয়। যিবিলাকে আপোনাৰ দৰে নিজৰ হিতাহিত বুজে, তেওঁবিলাক কেতিয়াও কষ্টত নপৰে। আৰু আপোনাৰ মহানুভৱতা, সত্যবাদিতা, বহুদৰ্শিতা, জ্ঞান আৰু