পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঈশ্বৰ-স্তুতি।

 আহা! কি সুন্দৰ
 বিশ্ব মনোহৰ
যেতিয়া যি দিশে চাওঁ।
 পবিত্ৰ হাতৰ
 সৃজিত তোমাৰ
কত বস্তু দেখা পাওঁ।
 তোমাৰ কৰুণা
 সকলোতে সনা
অনন্ত তোমাৰ নাম।
 তোমাৰ মহিমা
 তোমাৰ গৰিমা
সকলোতে বিদ্যমান্‌।
 তোমাৰেই ৰবি
 ধৰি ন ন ছবি
উষা সন্ধ্যা লগেলই
 আকাশ পটত
 নিতে উলাহত
থাকে অহা যোৱা কই।
 তোমাৰেই ইন্দু
 দেখি যাক সিন্ধু
আনন্দে উপচি পৰে;