পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়ৰ সদ্ব্যৱহাৰ।

 সময় অমূল্য ধন। অবাবত আমি সময় কটোৱা যুগুত নহয়। নিৰ্দ্ধাৰিত সময়ত নিৰ্দ্দিষ্ট কাম কৰা অতি উত্তম উপায়। যেয়ে সময় বান্ধি কাম নকৰে তেওঁ জীৱনত কৃত- কাৰ্য্য হব নোৱাৰে। সময়ৰ অলপ হেচ্ পেচ্ হলেই যুদ্ধ ক্ষেত্ৰত ঘোৰ অপায় মিলিব পাৰে। দিগ্ বিজয়ী পুৰুষেও কেতিয়াবা সময়ৰ ইফাল সিফালৰ নিমিত্তে পৰাজয় হব পাৰে! টান নৰীয়াত সময় মতে দৰব নপৰিলে মৃত্যু হব পাৰে। সময়ৰ ব্যবহাৰত যেয়ে পটু তেঁৱে সংসাৰত কীৰ্ত্তি আৰ্জ্জন কৰিছে। মহাপুৰুষ সকলৰ জীৱনত সময়ৰ সদ্ব্যবহাৰ এটি বিশেষকৈ মন কৰিব লগীয়া বিষয়। মানুহে সময় ধাৰ্য্য কৰি লৈ সময়ে সময়ে যেতিয়াৰ যি কাম তাক কৰিব লাগে। সংসাৰত উদগতি কৰিব খোজা মনুষ্য মাত্ৰেই সময়ৰ ওপৰত বিশেষ চকু ৰাখিব লাগে। উদ্গতিৰ ঘাই উপায় হৈছে সময়ব সদ্ব্যৱহাৰ। ই সেই বাস্তব ঐন্দ্ৰজালিক বিদ্যা যাৰ প্ৰভাৱত ধূলি মুঠিত ধৰিলে সোণ ৰেণু আৰু সোণৰেণুত ধৰিলে ৰত্ন শ্ৰেষ্ঠ হীৰাত পৰিণত হয়। ই সেই আলাদীনৰ অদ্ভুত প্ৰদীপ যাৰ বলত অসম্ভৱ সম্ভব হয়, ই সেই সংসাৰ ফুলনিৰ কল্পতৰু যাৰ ওচৰত কৰ্ম্মবীৰৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয়৷