পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
অসমত চীন পৰ্য্যটক।

ধৰ্ম্মত সমূলি আস্থা নাই তথাপি বৌদ্ধ শ্ৰমণবিলাকক ৰজাই শ্ৰদ্ধা কৰে ইত্যাদি। এই জন পৰিব্ৰাজকে আমাৰ দেশৰ এইবোৰ কথা লিখি নোযোৱা হলে ৭ম শতাব্দীত অসম দেশৰ কেনেকুৱা অৱস্থা আছিল তাক জানিবলৈ দুৰূহ হল হেঁতেন৷ হিউয়েনচাঙ কামৰূপৰ পৰা উলটি গৈ ভাৰতৰ অন্যান্য ঠাইবোৰ দৰ্শন কৰিলে। তেওঁ ৬৪৫ খৃষ্টাব্দত ঘৰমুৱা হৈ জন্মভূমি চীনদেশ পালেগৈ। যাওঁতে তেওঁ পঞ্জাব আৰু কাবুল প্ৰদেশ চাই গৈছিল। আমাৰ দেশৰ যেনেকৈ বিবৰণ লিখি থৈ গৈছে তেনেকৈ ভাৰতবৰ্ষৰো তেওঁ দেখি যোৱা সকলো আন আন ঠাইৰ কথা লিখা আছে। এইবোৰ কথাই ভাৰতৰ ঐতিহাসিক সকলক বিশেষ ভাৱে সহায় কৰিছে। হিউয়েনচাঙে ভাৰতবৰ্ষৰ বিষয়ে বৰকৈ প্ৰশংসা কৰি গৈছে। তেওঁ সোণ ৰূপৰ আৰু চন্দন কাঠৰ কেইবাখনো বুদ্ধদেৱৰ মূৰ্ত্তি আৰু ৬৫৭ খন ভাৰতবৰ্ষীয় পুথি চীন দেশলৈ লগত লৈ যায়। কোনে কব পাৰে যে অসম দেশৰ সাঁচিপতীয়া হেঙুল হাইতাল খুওৱা চিত্ৰবিচিত্ৰ কৰা পুথি হিউয়েনচাঙে লগত নিয়া নাছিল? হিউয়েনচাঙ ৬০ বছৰ বয়সত নিজ জন্মভূমিত প্ৰাণ ত্যাগ কৰে।

⸺⸺