পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

আছিলোঁ জনক জীয়া ৰামচন্দ্ৰে কৰে বিয়া,
 মোক আনিলেক অযোধ্যাক।
পিতৃৰ যে আজ্ঞা পালি, বনবাসে গৈলা চলি,
 পৰে গৈলা দণ্ডুকা বনক॥ ...
কান্দি কান্দি কহে আই, দুহানৰ মুখ চাই,
 তোমাৰ অৱস্থা হেন ভৈলা।
হাতী গুচি মাখি ভৈলা, গো-খোজত তল গৈলা,
 ছাৱালৰ হাতে প্ৰাণ গৈলা॥”


কিন্তু এনে ৰচনা হেম সৰস্বতীৰ তুলনাত পূৰ্ব-বৈষ্ণৱ যেন যি নালাগেই, বৈষ্ণৱ কিয়, উত্তৰ-বৈষ্ণৱ বুলি উদ্ধৃত কৰা হলেও আচৰিত যেন নালাগিল- হেতেন। মুঠতে “লৱকুশৰ যুদ্ধ”ৰ সমগ্ৰ ৰচনাৰ ভাষা প্ৰাচীনগন্ধী যেন অনুমান নহয়।

 হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ অৱশ্যে পৰবতী দুৰ্লভনাৰায়ণ ৰজাৰ পুতেক ইন্দ্ৰনাৰায়ণৰ আমোলৰ কবি কবিৰত্ন সৰস্বতী৷ তেওঁ মহাভাৰতৰ দ্ৰোণপৰ্বৰ ভাঙনি কৰিছিল, আৰু তাৰ কৈলাস বৰ্ণনাৰ লগত এইদৰে আত্ম- পৰিচয় দিছে⸻

 “নৃপ শিৰোমণি দেৱ মহামানী দুৰ্লভনাৰাণ ৰাজা।

 নিতে পুত্ৰৱতে পালিলা সততে পৃথিবীৰ যত প্ৰজা॥

 তাহান তনয় ভৈলা ধৰ্মময় ইন্দ্ৰনাৰায়ণ দেৱ।

 মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ নিতে কৃত্য হৰিসেৱ॥

 নিজ বাহুবলে পাইল অবিকলে অখণ্ড মহী মণ্ডল।

 যাত খাটে নমি সততে প্ৰণমি বিপক্ষ নৃপসকল॥

 যাত সৰ্বক্ষণ ইন্দ্ৰ নাৰায়ণ বৰ দেন্ত সদাশিৱ।

 হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ পিতা-পুত্ৰে চিৰঞ্জীৱ॥

 ছোট শিলা নাম আছে এক গ্ৰাম যত গ্ৰাম মাধ্যে সাৰ।

 আছিল তথাত জগত-প্ৰখ্যাত চক্ৰপাণি শিকদাৰ॥

পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মৱন্ত মহাযশী।

 পণ্ডিত তিলক কুল-প্ৰকাশক নিষ্কলঙ্ক যেন শশী॥