পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

 সেই তেজ ফুটি আসি পৃথিবীত পৰিলা। ৰঙা ফুল হৈ পৃথিবীত ৰৈলা॥ তুলনাত উৎপত্তিত আধুনিক যেন লগা আন দুই-এটি মন্ত্ৰ :-

“চাই পুখুৰী নিচলা পানী। তাত বহিছে কামাখ্যাৰ ৰাণী॥” ইত্যাদি কিন্তু মন্ত্ৰ-সাহিত্যৰ গোপনীয়তা আৰু ব্যৱসায়মূলক ৰক্ষণশীলতা সত্ত্বেও ভাষামূলক সংৰক্ষণশীলতা ৰক্ষিত নোহোৱাৰ উপৰিও, নতুন গঢ়ৰ সৃষ্টি হোৱাতো একেবাৰে বাধা পৰা নাই বুলি এনে কিছুমান নিদৰ্শনে সন্দেহ জন্মায়।

 তান্ত্ৰিক প্ৰভাৱত জন্ম হোৱা আন এটি জন-সাহিত্যৰ ঠেঙুলি হল দেহ- বিচাৰৰ গীত আৰু বৰাগী বা টোকাৰী গীত, আৰু তাৰ লগতে ধৰিব পাৰি ৰাতি-খোৱা সম্প্ৰদায়ৰ গীত-মাত; কিন্তু আগৰ বিধত যেনেকৈ বৈষ্ণৱ মতৰ নাম-ধৰ্মৰ কথা স্পষ্টভাৱে যুটি দিয়া হৈছে, অন্ততঃ শেষৰ বিধত সেইদৰে অন্যায়কৈ হলেও শঙ্কৰদেৱ-মাধৱদেৱৰ নামৰ ভণিতা সাঙুৰি দিয়া হৈছে। গতিকে বৈষ্ণৱ ধৰ্মৰ লাস-বেশ দিলেও, মূলত এই গীতবোৰ তান্ত্ৰিক প্ৰভাৱৰ নিশ্চয়; দেহ-বিচাৰৰ নাম এটিত ইয়াৰ সুন্দৰ প্ৰমাণ আছে। (অধ্যয়ন, ৫৭-৫৯ পি:)।

 বৰাগী বা টোকাৰী গীততো ছম্মৰূপে সেই দেহ-তত্ত্বই আলোচিত হৈছে :– “যেতিয়া বিৰিখে পাতি মেলিলে, তললৈ মেলিলে শিয়া।" ই সম্পূৰ্ণ দেহ-তত্ব; মানুহৰ জন্ম ফুল নৌ সৰোঁতে গুটিটি সৰিলে', এক ৰহস্য- প্ৰহেলিকা। কায়া তৰুৰব পঞ্চ বি ডাল", এই অনুক্ৰমে দেহক বৃক্ষৰ লগত তুলনা কৰা আৰু “নাড়ি শক্তি দিঢ় ধৰিঅ খাটে" আদিত বত্ৰিশ নাড়িৰ তত্ত্ব বৌদ্ধ গানবিলাকৰ প্ৰতিপাদ্য বিষয়। বৌদ্ধ বিষয় ৰূপে বৈষ্ণৱ-ধৰ্ম-পৰিশোধিত অসমীয়া সমাজত চৰ্যাপদ আৰু তাৰ অসমীয়া ৰচোঁতাসকলক অকল “প্ৰবেশ নিষেধ” কৰিয়ে এৰা নাই, তেওঁলোকক “কলীয়া পানী"তো মেলা হল : কিয়নো সেই বৌদ্ধ কবিসকলৰ নাম আৰু তেওঁলোকৰ কবিতাই, অসমৰ চাৰিসীমাৰ বাহিৰ কৰি দিয়াত, মগধ তিব্বত আদিতহে বাসস্থান পালে। কিন্তু এনে ছদ্মৰূপী বৰাগী বা টোকাৰী গীতৰূপে অসমীয়া সমাজত সেইবোৰে বৰঘৰত বৰপিৰা নাপালেও, মাৰল ঘৰ বা চ’ৰা ঘৰত হলেও ডুখৰি পীৰা এখনি নাপাই নাথাকিল। দেহতত্ত্ব-পূৰ্ণ আন এটি টোকাৰী গীত অতি মনোৰম—

 "চান্দো নিচিনো, সুৰুযো নিচিনো, নিচিনো সৰগৰ তৰা।”

 "ৰাতি-খোৱা সম্প্ৰদায়ৰ জন্মদাতা কোনোবা এজন গোপাল বুলি কোৱা হয়। ইয়াত বৈষ্ণৱ ধৰ্মৰ পৰিবেশ দি তান্ত্ৰিক ব্যৱহাৰ চলে। তীৰ্থ-স্নান আদিৰ বিষয়ে