এটি গীত হুবহু, পালি ভাষাৰ “পুন্নিকা” নামৰ বিতোপন বৌদ্ধ কবিতাটিৰ এই কেশাৰীৰ লগত মিলে :-
“কো নূ তে ইদং অক্ষসি অজানস্তস্ম অজানন্তো।
উদকাভি সেচন (নাম) পাপকস্ম পমূচ্চতি॥৫॥
সগ্নম্ নূন গমিচ্ছন্তি সব্বে মণ্ডুক কচ্ছপ।
নাগ চ সুংসুমৰা চ যে চ অন্নে পাপকম্মিনো ॥৬।
ওৰাভিকা সুকাৰিকা মচ্ছিকা মিগবন্ধকা।
চোৰ চ বজ্ কঘাষ্ট চ যে চ অন্নে পাপকস্মিনো॥৭॥"
(২) বৌদ্ধ প্ৰভাৱৰ (ক) ডাকৰ বচন
য়ুয়ান চোৱাঙৰ ভ্ৰমণ-বৃত্তান্তৰ এঠাইত কামৰূপৰ মানুহৰ বিষয়ে
লিখিছে—“এওঁলোকে দেবতা পূজা কৰে আৰু তেওঁলোকৰ আগত বলি দিয়ে,
আৰু বুদ্ধক নামানে; এইগুণে পৃথিবীত বুদ্ধৰ আবিৰ্ভাৱ হোৱা দিনৰ পৰা
আজিলৈকে বৌদ্ধ পুৰোহিতসকল সম্মিলিত হবলৈ কোনো এটা সঙ্ঘাৰাম সজা
হোৱা নাই।” ওপৰে ওপৰে এইখিনিলৈকে পঢ়ি এনে ভাব হয় যেন "অসমত
কেতিয়াও বৌদ্ধ ধৰ্মই ভূমুকি মৰা নাছিল; কিন্তু ওপৰৰ কথাৰ লগতেই সেই
চন-পৰ্য্যটকে লিখিছে—সেই শুদ্ধ ধৰ্মৰ যিসকল সেৱক আছে, সেইসকলে মনে
মনে প্ৰাৰ্থনা কৰে আৰু তাতে শেষ।" সেই শুদ্ধ ধৰ্ম” বুলি তেওঁ অৱশ্যে
বৌদ্ধ ধৰ্মৰ কথাকে কৈছে; গতিকে বৌদ্ধ মতাৱলম্বী লোকসকলে পুৰণি
অসমত কোনো সঙ্ঘাৰাম নোহোৱাকৈও আছিল বুলি স্বীকাৰ কৰিছে।
তদুপৰি তেতিয়া কামৰূপৰ পাটত থকা ৰজা ভাস্কৰ বৰ্মাৰ বৌদ্ধ ধৰ্মৰ প্ৰতি
শ্ৰদ্ধাৰ প্ৰমাণ স্বৰূপে তেওঁ ব্ৰাহ্মণ-শ্ৰমণক সমানে সম্মান কৰা, হৰ্ষবৰ্দ্ধনেৰে লগ
লাগি মগধ আক্ৰমণ কৰি পাটনা আৰু গয়াৰ বৌদ্ধ মন্দিৰ ভঙাত শশাঙ্কক বাধা
দিয়া, স্বয়ং ’বিধিৰ বিধাতা’ য়ুয়ান্ চোৱাঙক মাতি আনি অতিথি-শুশ্ৰূষা কৰা,
আৰু সৰ্বশেষত, নিজ নিধনপুৰ তামৰ ফলিত ‘জয়তি জগদেকবন্ধুৰ্লোক-
দ্বিতয়স্য সম্পদো হেতু পৰহিতমুৰ্ত্তিবদৃষ্টঃ ফলানুমেয়স্থিতি ধৰ্ম্মঃ’’ বুলি
বৌদ্ধ-ত্ৰিৰত্নৰ অন্যতমক প্ৰণাম জনোৱা কথাই উক্ত মত সম্পূৰ্ণ সমৰ্থন কৰে।
সঙ্ঘাৰাম বা তেনে বিশেষ অনুষ্ঠান নোহাৱাকৈও পুৰণি অসমত বৌদ্ধ ধৰ্মই কিমান দকৈ শিপাইছিল ভাবিলে আচৰিত হব লাগে। ওচৰ-চুবুৰীয়া