পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য৩৫৯


পোনতে পতা হয়, আৰু এই অনুষ্ঠানেও প্ৰথমতে যথেষ্ট উদ্যমেৰে কাম কৰি চন্দ্ৰকান্ত অভিধান প্ৰকাশ আদি বহুত লাগতিয়াল কাম সাধিছিল। অসমত বুৰঞ্জী আৰু পুৰাতত্ব আলোচনাৰ সুবিধাৰ বাবে ১৯২৮ৰ জানুৱাৰীত শিক্ষাধিকাৰ কনিংহামে এই বিষয়ৰ এটি সুকীয়া বিভাগৰ দিহা কৰে; তেতিয়াৰে পৰা এই বিভাগে ভালেখিনি লাগতিয়াল কাম কৰি আহিছে।

 গাৰ্গী মৈত্ৰেয়ী আদি পুৰণি ভাৰতৰ বেদ-ৰচয়িত্ৰীসকলৰ দৰে তামিল সাহিত্যৰ শ্ৰীঅণ্ডল আৰু উত্তৰ ভাৰতৰ মীৰাবাই আদিৰ নিচিনাকৈ বৰ্তমান অসমীয়া সাহিত্যৰ লেখিকাসকলো অসমীয়াৰ গৌৰৱস্বৰূপ; ইংৰাজী নৱন্যাসৰ দৰে অসমীয়া নৱন্যাসতো এওঁলোকৰ বৰঙনি এটি বিশিষ্ট সম্পদ। পদ্মাৱতী ফুকননী স্বনামধন্য আনন্দৰাম ঢেকিয়াল ফুকনৰ কন্যা; ১৭৭৪ শকৰ ১০ পুহত (৯ জানুৱাৰী, ১৮৫১) এওঁৰ জন্ম আৰু ১৮৪৯ শকৰ পুহত মৃত্যু। ১৮০৬ শকত এওঁৰ সুধৰ্ম্মাৰ উপাখ্যান” নামৰ প্ৰথম অসমীয়া উপন্যাস আৰু তাৰ অলপ পাছতে হিতসাধিকা” নামৰ এখন পুথি প্ৰকাশিত হয়; ইয়াৰ বাহিৰেও এওঁ সাময়িক আলোচনীবোৰত গদ্য-পদ্য বহুত প্ৰবন্ধ লিখে। বিষ্ণুপ্ৰিয়া দেৱীয়ে ১৮৮৪ত নীতিকথা” আৰু এওঁৰ কন্যা স্বৰ্ণলতা দেৱীয়ে “আৰ্হি-তিৰোতা’’ পুথি উলিয়ায়। ডিব্ৰুগড়ৰ শৰৎকুমাৰী দেৱী প্ৰৱন্ধ-লেখিকা আৰু হেমপ্ৰভা দাস “জ্ঞানমালা” আৰু “সজ কথা’’ৰ গ্ৰন্থকৰ্ত্ৰী। যমুনেশ্বৰী শইকীয়ানী, ধৰ্ম্মেশ্বৰী দেৱী, নলিনীবালা দেৱী আদি তিৰুতা কবি; আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী, স্নেহলতা ভট্টাচাৰ্য্য, আজলীতৰা নেওগ, ফাতেমা খাতুন আদি এই যুগৰ বিশিষ্টা গ্ৰন্থকৰ্ত্ৰী।


অসমীয়া কবিতাত ছন্দৰ ক্ৰমবিকাশ


 ছন্দও সঙ্গীতৰ দৰে এটি ধ্বনি-শিল্প; ধ্বনি-ৰূপ ধ্বনি-তত্ব আদিয়েই তাৰ গুৰি কথা। ৰূপ-দক্ষ শিল্পীয়ে নিজ শিল্প-প্ৰতিভা আৰু ৰূপ-দৃষ্টিৰে এই ধ্বনি-প্ৰকৃতি নিৰীক্ষণ কৰি ছন্দ-ভাণ্ডাৰত ছন্দ-বৈভৱৰ বৃদ্ধি কৰে; আৰু ছন্দ-শক্তিৰ মৌলিক নীতি-সূত্ৰবোৰ, তাৰ অন্তৰ্প্ৰকৃতি-বৰ্হিগঠন সকলো আয়ত্ত কৰি ছন্দ-ৰাজ্যৰ সাম্ভাব্যতাৰ পৰিসৰ বঢ়ায়, আৰু ছন্দৰ জোঁকাৰ, হিল্লোল, আক নৃত্য-লীলাৰে কৱিতাক তৰঙ্গিত আৰু মুখৰিত