পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কৰে।

 পুৰণি কিছুমান যোজনা-ফকৰা আৰু পটন্তৰ, ডাকৰ বচন, লৰা-ওমলা নাম আদি মৌখিক গীত-সাহিত্যত অসমীয়া ছন্দৰ প্ৰথম আভাস পোৱা হয়। স্বাভাবিক উচ্চাৰণ-ৰীতি আৰু হেঁচা (এক্সেন্ট), এয়েই ইয়াৰ মূল তত্ব; আৰ গণনা বা মাত্ৰা-পৰিমাণ নিৰ্ণয় কোনো চেষ্টা এই ছন্দৰ ভিতৰত নাই, প্ৰতি পৰ্ব্বৰ অখণ্ড ধ্বনিৰ (ছিলেবল) লেখ থাকিলেই এই ছন্দ অক্ষুন্ন থাকে। এটা যুগ্ম আৰু অযুগ্ন স্বৰৰ অস্তিত্বই প্ৰত্যেক অখণ্ড ধ্বনিৰ ঘাই কথা। সেই বাবেই এই ছন্দৰ একোটি পৰ্ব্বৰ নাম স্বৰপৰ্ব্ব, আৰু স্বৰপৰ্ব্বৰ বিভিন্ন সমাবেশেৰে ৰচিত বুলি ইয়াৰ নাম স্বৰবৃত্ত ছন্দ।

 অসমীয়া পুৰণি লিখিত বা বৈষ্ণৱ সাহিত্যৰ পদ বা পয়াৰ ত্ৰিপদী, দুলড়ি, লেচাৰী, ছবি, ঝুমুৰি আদি সকলো ছন্দই আখৰ-গণনাৰ ওপৰত নিৰ্ভৰ কৰে বুলি তাৰ নাম অক্ষৰবৃত্ত ছন্দ। এই ছন্দ মূলতে আদিম ধবনিসংখ্যক স্বৰবৃত্ত ছন্দৰ পৰা সুগঠিত আৰু নিয়ন্ত্ৰিত নে সংস্কৃতিৰ মাত্ৰিক ছন্দৰ পৰা ইয়াৰ উৎপত্তি হৈছে, ই আলোচনাৰ বিষয়; কিন্তু এই ছন্দই ইয়াৰ বৰ্ত্তমান সৌষ্ঠৱ আৰু সুসঙ্গতি লাভ কৰিবলৈ যে অনেক শতাব্দী লাগিছিল পুৰণি লিখিত সাহিত্যৰ অনেক ঠাইত তাৰ প্ৰমাণ পোৱা হয়। অক্ষৰ বৃত্তৰ পৰ্ব্বগঠন ৰীতি যতিস্থাপন-বিধি আদি তাত বহুত সময়ত অনিয়মিত, আৰু আখৰৰ সংখ্যা অনিৰ্দিষ্ট; কেতিয়াবা সংস্কৃতৰ দৰে মাত্ৰিক কেতিয়াবা মৌখিক ছন্দৰ দৰে স্বৰসংখ্যক। এনে শিথিল আৰু অনিশ্চিত অৱস্থাৰ পৰা থিৰ আৰু সুনিশ্চিত অৱস্থালৈ আহিবলৈ পুৰণি কৰিসকলৰ যে বহুত অক্লান্ত পৰিশ্ৰম, পৰীক্ষা আৰু প্ৰয়াসৰ আৱশ্যক হৈছিল তাক সহজে ধৰিব পাৰি।

 ধ্বনিৰ মাত্ৰ-পৰিণাম নিৰ্ণয়েৰে ছন্দ-গঠন ৰীতিৰ নাম মাত্ৰাবৃত্ত ছন্দ; সংস্কৃত আৰু ইংৰাজী ছন্দৰ এই পদ্ধতি। অসমীয়া বঙলা আদি ভাষাত সংস্কৃতৰ এই ছন্দ-পদ্ধতিৰ অনুসৰণ সহজ নহয়; কিয়নো এইবোৰ ভাষাত দীৰ্ঘধ্বনি নোহাৱাত শুদা হ্ৰস্ব স্বৰৰ ব্যৱহাৰত ছন্দ বৈচিত্ৰাহীন আৰু এসুৰীয়া হৈ পৰাৰ আশঙ্কা স্বাভাবিক। কিন্তু এইবোৰ ভাষাতো যুক্তবৰ্ণৰ প্ৰচলন আছে, আৰু সি যুগ্মধ্বনিৰ লিখিত আকাৰৰ বাহিৰে একো নহয়; স্বভাৱতে গুৰুমাত্ৰিক আৰু তৰঙ্গায়িত এই যুগ্মধ্বনিকে দীৰ্ঘধ্বনিৰ সলনি ব্যৱহাৰ কৰি এইবোৰ ভাষাতো ৰূপতত্ত্বদ্ৰষ্টা ৰূপস্ৰষ্টাই অযুগ্মধ্বনিক এক মত্ৰা আৰু যুগ্মধ্বনিক