পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী এনিন পুৱাতে দেখিলে মানুহে দুই ঠৰ কেশ নেথাকো লগাত, নিজান ঠাইলৈ যাওঁ; নীল সাগৰত বাই বাই ফুৰোঁ নাও।... হেঙুলি ববলিয়ে এটি এটি চুমা দিব; ত'তে বম্মা মেঘ ৰঙা দাঁত মেলি দূৰতে হাঁহি মাৰিব।... এইবোৰ ভাবি ৰূপহী পাণশৈ ঘৰকে আন্ধাৰ কৰি, নীল সাগবলৈ বেগে গুছি গল, কলমে পাতৰ তৰী।... সুগৰ পাৰৰ পাণেশই আই অনন্ত কাললৈ শুলে। নীয়ৰেৰে তিতি আছে; জিকিমিকি কৰি হনও কিৰণ নাচে।... ৰূপহী আইট। "অঞ্চলত হয়, বেজাৰত শপ’ল মৰি; সুগন্ধি গোলাপ নিজানত ফুলি নিজানতে গল সৰি।” হিতেশ্বৰ বৰবৰুৱা (১৮৭৭-১৯৪০) যোৰহাট মহকুমাৰ সৰু-চৰাই খাতত ভদৰি বৰবৰুৱাৰ ঘৰত ওপমে। পিতা চিলে গগৈৰ আৰ্থিক অৱস্থা স্বচ্ছল নথকাৰ বাবে এওঁ স্থানীয় ইংৰাজী পঢ়াশালিৰ মূৰ শ্ৰেণীৰ পৰাই পঢ়া এৰি চাহ-বাৰীৰ কামত সোমায়। ১৯০২ত এওঁৰ “ঢেপাকলি” নামৰ যশু কবিতা, ১৯১২ত “কমতাপুৰ ধ্বংস কাব্য”, ১৯১৩ত “বিবহিনীৰ বিলাপ কাব্য” আৰু “তিকতাৰ আত্মদান” কাব্য, ১৯১৪ত “আভাস কাব্য” আৰু “মালিতা” উপন্যাস, ১৯১৫ত “ফুদ্ধক্ষেত্ৰত আহোম-মনী কাব্য”, ১৯১৭ত “আঙ্গিলা” আৰু “ডেস্থতিমোনা কাব্য”, ১৯১৮ “মালচ” আৰু ১৯২২ত “চকুলো” নামৰ খণ্ড-কবিতাৰ পুথি প্ৰকাশিত হয়। এওঁৰ কীৰ্ত্তিন্ত ঘাইকৈ প্ৰথমৰ বুৰঞ্জীমূলক কাব্য কেনিয়েই; কিনো স্বৰূপতে বুৰঞ্জী বা আধুনিক বিষয়ৰ কাব্য এই কেখনেই প্ৰথম। কমতাপুৰ ধ্বংস-কাব্য দ্বিতীয় সগৰ পণ : “ৰি ৰি ৰি কৰি বলিছে মলয় কমতাপুৰৰ সেই ৰাজ-উদ্যানত। গোলাপী সখীয়ে স’তে সাদৰী কুঁৱৰী লইছে সন্ধিয়া বায়ু আনন্দ মনত।