পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য দণুত অধিক সাহিত্যৰ অধ্যয়ন”ত ইয়াৰ উদাহৰণ দিয়া হৈছে। “তোমাৰ বিননি শুনি থৰ হয় পশু-পী গছ-লতা; লুইত উজাৰ, োেন তো লাগে, মানুহৰ কিবা কথা! হুমুনিয়ৰ বাশি তোমাবো বিদাৰে হিয়া; সৰগৰ বীণ কোমল কুমলীয়া।” আনন্দচন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৪০) তেজপুৰ মহকুমাৰ কলংপুৰ মৌজলত এওঁৰ জন্ম; মাক ৰাধিকা আৰু পিক কাশীবাম মৌজাদাৰ। ১৮৯১ত এওঁ তেজপুৰৰ ইংৰাজী পঢ়াশালিৰ পৰা সুখ্যাতিৰে প্ৰবেশিকা পৰীক্ষাত উজ্জীৰ্ণ হৈ কুৰি টকীয়া জলপানি ধৰি কলিকতাৰ মেট্ৰপলিটান (পাছত বিদ্যাসাগৰ) কলেজত এফ-এ পঢ়ে। তেতিয়াই এওঁ আন কেজনমান সহপাঠীৰে লগ লাগি ১৪১ টি গীতেৰে “বৰ্ম সঙ্গীত” নামে এখন পুথি উলিয়ায়। কৰুণাভিৰাম বৰুৱাই প্ৰথম অসমীয়া শিশু-আলোচনী “লবা-বন্ধু” উলিয়াওঁতে এৰো তাৰ সহকৰ্মী আছিল। এইদৰে নানা চৰ্চাত কাল কটাই শেষত বিশ্ববিদ্যালয়ৰ কোনো স্থাৰমোহৰ নোহাৱাকৈয়ে অসমলৈ ওলটে। অলপ দিন শিৱসাগৰ বেজবৰুৱা ইংৰাজী পঢ়াশালিত শিক্ষকতা কৰাৰ পাছত সামান্য চাকৰীয়াল ৰূপেই পুলি বিভাগত সোমাই দোগত দোপে উঠি তাৰ সকশ্ৰেষ্ঠ পুলিছ চুপাৰিন্টেন্ডেন্ট পদৰ পৰা চাকৰি জীৱন সামৰে। আদি পাঠ, কোমল পাঠ, জিলিকনি আদি কেনমান পঢ়াশালীয়া পুথিৰ বাহিৰে এওঁব প্ৰকাশিত মূল্যবান গ্ৰন্থ নাই; আলোচনীবোৰত প্ৰকাশিত এওঁৰ কবিতাৰ অতি সহখিনিয়েই ইংৰাজীৰ ভাঙনি। জীৱন-সঙ্গীত বোলা কবিতাটিও এওঁ প্ৰবেশিকা মহলাত উঠাৰ আগতে লিখা; কিন্তু এওঁৰ সকলোবোৰ ভাঙনিয়েই মৌলিক অসমীয়া কবিতাৰ দৰে, এই বাবেই এওঁ ভাঙনি-কোৱৰ বুলি জনাজাত। এওঁ ভাটি বয়সত আলোচনী-বোৰত অৱশ্যে গৱেষণামূলক প্ৰবন্ধও কিছুমান লিখিছিল। সৰহখিনি ভাঙনিৰ সত্বেও আনন্দচন্দ্ৰ কৰি স্বৰূপে বহুত কাললৈ অসমীয়া সাহিত্যত জীয়াই থাকিব নিশ্চয়; নিজ মৌলিক কবিতাৰ ভিতৰত এওঁৰ নৱন্যাসমূলক ‘দেবকন্যা মানৱী বেশেৰে, “তই”, “পাণেশই”, “ফুলকোঁৱৰ” আদি লেখব কবিতা। পুলিছ কৰ্মচাৰী হৈও এওঁ স্বভাৱৰ মধুৰতা আৰু প্ৰাণৰ কবিত্ব কি দৰে জীয়াই ৰাখিছিল সি ভাবিব লগা কথা। তেওঁৰ অপূৰ্ব পদ-লাপি আভাস তেওঁৰ কবিতাৰ য'তে ততে পাব পাৰি (অধ্যয়ন, ৪-৫ পিঠি)