পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


সমাচাৰ চন্দ্ৰিকা যন্ত্ৰৰ পৰা ছপাই উলিয়াইছিল। এওঁ নিজে ভাৰতৰ অনেক তীৰ্থস্থান ভ্ৰমি বহুত পণ্ডিত সমাজত খ্যাতি লাভ কৰিছিল। ১৮২৯ত এওঁ সেই যন্ত্ৰৰে পৰা বঙলা ভাষাত এখন অসম বুৰঞ্জী ছপাই উলিয়ায়; প্ৰতিক্ৰিয়াশীল হলেও এয়ে গুণাভিৰামৰ অসম বুৰঞ্জীৰ বাটদেখাওঁতা।

 মণিৰাম দেৱান বৰভণ্ডাৰ বৰুৱা (১৮০৬-৫৮) ১৭২৮ শকত শিৱসাগৰ মহকুমাব। চাৰিঙত জন্মে; এওঁৰ পিতাক ৰামদত্ত দোলাকাষৰীয়া বৰুৱা। ১৭৩৬-৩৮ শকত মানে দেশ উপান্ত কৰোঁতে পৰিয়ালে সৈতে ৰামদত্ত চিলমাৰিলৈ পলাই যায়, আৰু পাছত পুৰন্দৰ সিংহৰ লগত যোৰহাটলৈ ওলটে। দুৰ্যোগৰ কালতো মণিৰামে ফাৰ্ছি আৰু বঙলা ভাষাত যথেষ্ট জ্ঞান আৰ্জে। ১৮৪৬ শকত ডেভিডছনে মান খেদি উজনিলৈ আহোঁতে কেপ্টেন হৰ্ছবাৰৰ তলত অহা পল্টনক মণিৰামেই গুৱাহাটীৰ পৰা কালীয়াবৰলৈ বাট দেখুৱাই আনে। ৰংপুৰ কোঠ অধিকাৰ কৰা হ'লত লেফটেনেস্টে বেডিংছফিল্ডে মণিৰামক লৈ উজনিৰ বহুত পৰ্বতীয়া জাতিক বৰায়গৈ। বেডিংছ-ফিল্ডক উপহাৰ দিবলৈ চিংফেী গামে ফিলাপ বুলি গাছৰ পাত এবিধ আনে; এয়ে অসমীয়া চাহপাত। চিংফেী খাছিয়া আদি জাতিক বৰাই আহি ইংৰাজ বিষয়াবিলাকৰ চকুত লগা মণিৰাম ক্ৰমে কলেক্টৰী মিৰমুঞ্চি আৰু পেছকাৰ হয়। তেতিয়া শিৱসাগৰৰ কছাৰী জয়সাগৰ পুখুৰীপাৰত বহিছিল; বৰপঞ্চায়ত নামে ৰজাদিনীয়া বিচাৰৰ নিচিনা দুখন মেলে তেতিয়াৰ ৰংপুৰ জিলাৰ গৰাকি নিউৱিলক গোচৰ সোধাত সহায় কৰিছিল। নিউৱিলৰ প্ৰিয়পাত্ৰ ৰূপে বিচক্ষণ বুদ্ধিৰ মণিৰামে যি ক্ষমতা চলাইছিল তাৰ বাবেই তেওঁক কলিতা ৰজা বোলে হবলা। ১৮৩২ ত অসমৰ আৰ্থিক সম্পদৰ অনুসন্ধানত এজন মণিপুৰীয়া ৰজাই সৈতে জেনকিন্স যোৰহাটলৈ আহোঁতে মণিৰামে তেওঁক যি প্ৰতিবেদন দিছিল আৰু, ১৭৭৫ শকত ২৩ বহাগাত নিজৰ আৰু ঘনকান্ত সিংহ যুৱ-ৰাজৰ ববীয়াকৈ মোফাট মিলছক যি এতলাৰ আঁচনি দিছিল, তাত মণিৰামৰ ওখ ধৰণৰ ৰাজনৈতিক দূৰদৰ্শিতা সুন্দৰকৈ প্ৰকাশ পাইছিল। ১৭৭৫ শকৰ বহাগত উজনি খণ্ড পুৰন্দৰ সিংহক লালবন্দীকৈ দিয়াত মণিৰাম পুৰন্দৰৰ প্ৰধান মন্ত্ৰী হৈ বৰ-ভাণ্ডাৰ বাব পালে; আৰু তেওঁ ইষ্ট ইণ্ডিয়া কম্পেনীৰ চিৰস্তাদাৰ আৰু অসম কম্পেনীৰ দেৱান হল। ১৭৭৯ শকৰ ১৬ ফাগুনত (২৬ ফেব্ৰুৱাৰী, ১৮৫৮) ৰাজদ্ৰোহত অভিযুক্ত বুলি যোৰহাটত এওঁৰ ফাচি হয়।