আটায়ে লেৰেলী ডেকা বৰুৱা বুজিছিল। এওঁৰ দুজন পুতেকৰ বৰজন কৃষ্ণৰাম,
যোৰহাটৰ এজন খ্যাতনামা জ্যোতিষী পণ্ডিত আৰু বৈদ্য, আৰু সৰুজন দুৰ্গাপ্ৰসাদ,
শিৱসাগৰ সদৰ তহছিল তহছিলদাৰ আছিল; ব্ৰোডি ছাহাব শিৱসাগৰ জিলাৰ অধিপতি
আৰু ইন্দুনাৰায়ণ সৰুমেলীয়া ৰজা যোৰহাট মহকুমাৰ সদৰামিন্ হৈ থকা কালত যাদুৰাম
যোৰহাটত মুন্সিফ আছিল। ১৮৫৭ৰ ছিপাহী বিদ্ৰোহত দেশ তল-ওপৰ থকা অৱস্থাতো
এওঁ উত্তৰ লখীমপুৰ মহকুমাৰ গৰাকিৰ বাব ভালকৈ পালিছিল। ১৮৬০ৰ ১৫ জুনত
এওঁ গুৱাহাটীৰ পৰা বৰপেটালৈ গৈ তাত গৰ্গৰাম বৰুৱাৰ পৰা সদৰামিনৰ কাৰ্য্যভাৰ
লয়। আকৌ লেফটেনেন্ট গৱৰ্ণৰৰ আদেশ মতে এই বছৰৰে ৩ নৱেম্বৰত আকৌ
এওঁ ডিব্ৰুগড়ৰ সদৰামিন হৈ যায়। ১৭৯১ শকৰ ২৩ অহিন শুকুৰবাৰে শিৱসাগৰত
এওঁ ঢুকায়। ১৮৩৫ ত এওঁ লিখা বঙলা-অসমীয়া অভিধান এখন কৰ্ণেল জেনকিন্সক
উপহাৰ দিয়ে, আৰু ইজনে ঘূৰি সেইখন শিৱসাগৰত থকা বেপটিষ্ট মিস্যন্ সমাজক
দান কৰে। সেই কালৰ অসমীয়া ভাষাৰ এওঁ এজন অধিকাৰী পণ্ডিত আছিল বুলি
ব্ৰন্সনে তেওঁৰ অভিধানৰ পাতনিত লিখা কথাৰ পৰাই ধৰিব পাৰি।
হলিৰাম ঢেকিয়াল ফুকন (১৮০২-৭০?) ১৭২৪ শকত পৰশুৰাম বৰুৱাৰ বৰজনা পত্নীৰ গৰ্ভত জন্মে। বদন বৰফুকন গুৱাহাটীৰ পৰা পলাই যাওঁতে তেওঁক ধৰিবলৈ বুলি এইজন পৰশুৰামেই ৰাজআজ্ঞাৰে মানুহ পাঁচে। সেই ঘটনাৰ কিছুদিনৰ পাছতে ১৭৩৮ শকৰ বহাগৰ শুক্লা চতুৰ্থীত এওঁ পৰলোকলৈ যায় আৰু হলিৰামে দুৱৰীয়া পদ পায়। তাৰ পাছত চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ যাওঁতে ঢেকিয়াল ফুকন বাব লভে আৰু কম্পেনীৰ আমোলত মেজৰ স্কটে হলিৰামক সেই পদত স্বীকাৰ কৰে। নগাঁও আৰু দৰঙৰ প্ৰথম বন্দৱস্ত এওঁ কৰে; আৰু অসমৰ নামনি আৰু উজনি ছোৱা ক্ৰমে ছিনিয়ৰ আৰু জুনিয়ৰ খণ্ডত বিভক্ত হোৱাত, এওঁ ছিনিয়ৰ খণ্ডৰ কলেক্টৰী ছিৰস্তাদাৰ হৈ থাকি কামৰূপৰ বন্দবস্তৰ কাম কৰে। চেৰাপুঞ্জীত স্কটৰ মৃত্যু হোৱাত ক্ৰেক্ৰষ্ট অসমৰ কমিস্যনাৰ হয়, আৰু সেই সম্পৰ্কত গৱৰ্ণমেন্টে গুৱাহাটীত সহকাৰী মেজিষ্ট্ৰেটৰ এটি পদ গ্ৰাহ্য কৰাত ২৩৩ মাহিলি টকা বেতনত এওঁ সেই পদত নিযুক্ত হৈছিল। এওঁ স্বাধীনচেতা লোক আছিল; কাছাৰীলৈ যাওঁতে এওঁ সদায় পৰ্হি দোলাত গৈছিল। সংস্কৃত ভাষা আৰু তন্ত্ৰ শাস্ত্ৰত এওঁ বিশেষ ব্যুৎপত্তি লভিছিল, আৰু ১৭৫৩ শকত ‘কামাখ্যা যাত্ৰা পদ্ধতি’ নামে এখন সংস্কৃত পুথি লিখি কলিকতাৰ