পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৫
বৰ্ত্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


পৰা ক্ৰমেৰে লিখা খৃষ্টৰ বিৱৰণ আৰু সুভ বাৰ্ত্তা" বোলা এওঁৰ আন এখন পুথি এওঁলোকৰ শিৱসাগৰৰ প্ৰেছতে ১৮৫৩ ত প্ৰকাশিত হয়। অসমীয়াত ওলোৱা ৩৩০ টি খৃষ্টৰ তুতি-গানৰ ভিতৰত ৬০ টা অকল ব্ৰাউনৰে অনুদিত। ইয়াৰ উপৰিও এওঁ ধৰ্ম বিষয়ক আন ভালেখিনি পুথি লিখি উলিয়ায়। “দি হ'ল ৱালফৰ্ড কীন্” নামৰ এখন পুথিত এওঁৰ বিদেশত ধৰ্মপ্ৰচাৰ কৰা অভিজ্ঞতা- খিনি বৰ্ণোৱা আছে, আৰু তাত অসমৰ বৰ্ণনা অতি ধুনীয়াকৈ দিয়া আছে। অসমীয়া ভাষা আৰু সাহিত্যৰ লগত এওঁৰ পোনপটীয়া সম্পৰ্ক থকা আৰু কেইবাটিও সাহিত্য-কীৰ্ত্তি আছে; অসমীয়া পুৰণি পুথি আৰু ঘাইকৈ বুৰঞ্জীবোৰ, ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ বাট-দেখাওঁতাও এৱেঁই। ১৮৪০ ৰ পৰা দহ বছৰৰ ভিতৰত এওঁ দুকুৰিখন তেনে পুথি গোটায়; তাৰ পিছৰ তিনি কুৰি বছৰৰো অধিক কাল এই বিষয়ৰ কোনো লাগতিয়াল যন্ত কোনো ফালৰ পৰা হোৱা নাছিল। ১৮৪৪ ত প্ৰকাশিত তামুলী ফুকনৰ অসম বুৰঞ্জী, ১৮৫০ ত প্ৰকাশিত চুটিয়া বুৰঞ্জী, আৰু বকুল কায়স্থৰ অসমীয়া পদ-গণিতৰ প্ৰকাশ অকল ব্ৰাউনৰ আশাশুধীয়া চেষ্টাৰ ফল। ১৮৪৬ ৰ জানুৱাৰীত ব্ৰাউনেই কট্টৰেৰে লগ লাগি প্ৰসিদ্ধ 'অৰুনোদই" কাকত পোনতে উলিয়ায়। ১৮৪৮ ত এৱেঁই অসমীয়া ব্যাকৰণমূলক দ্বিতীয় পুথি ইংৰাজীত প্ৰকাশ কৰে। অসমীয়া ভাষাৰ মালিকতা সম্পৰ্কে যুক্তি-প্ৰমাণ দি লিখা এই পুথিৰ পাতনিখন বহুমূলীয়া।

 এলিজা ব্ৰাউন এওঁৰ দুখ সুখ আৰু ধৰ্ম-কৰ্মৰ সদায় সহভাগিনী আছিল। কিতাপ লিখা, প্ৰচাৰ কৰা আৰু শিক্ষকতা কাৰ্য্য আদি সকলোতে এওঁ নেথনক প্ৰাণপণে সহায় কৰিছিল। জীয়েক ছফিয়া ঢুকোৱাৰ পাছতো নেথনৰ কামত ব্যাঘাত হয় বুলি ১৮৪০ ৰ ১০ ফেব্ৰুৱাৰীত অন্ধ পুত্ৰটিক লৈ এলিজা অকলে ব্ৰহ্মপুত্ৰইদি নাৱেৰে চাৰি মাহৰ বাট কলিকতালৈ ভটিয়াই যায়। পুতেকৰ শকত নৰিয়াত স্থাস্থ্যৰ আৰু চিকিৎসাৰ কাৰণে কলিকতালৈ যাওঁতেও, নাৱতে এলিজাই তেওঁৰ “গণনৰ অঙ্ক” নামৰ পুথিখন লিখি শেষ কৰি গুৱাহাটীৰ পৰা নিজ ছপা কলত ছপাবলৈ পঠিয়ায়। শিশু সাহিত্য- ৰূপে প্ৰথম অসমীয়া সাধুৰ কিতাপ এলিজায়ে ১৮৫০ ত প্ৰকাশ কৰে।

 ডক্টৰ মাইলছ ব্ৰন্সন (১৮১২-৮৩) খ্ৰীষ্টীয় ত্ৰিমূৰ্ত্তিৰ দ্বিতীয়টি। ১৮১২- ত আমেৰিকাৰ নিউয়ৰ্কৰ নৰৱে নামৰ ঠাইত মাইলছ্ ব্ৰন্সনৰ জন্ম হয়। এওঁ হেমেল্টনত শিক্ষা লভি ২৪ বছৰ বয়সত পাদ্ৰী নিযুক্ত হয়। এওঁৰো অসম-