পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


পাতে; আমেৰিকালৈ উলটি যাওঁতে জাহাজতে ১৮৫০ ৰ ৩১ জানুৱাৰীত মুঠেই ৪২ বছৰ ১০ মাহ ৪ দিন বয়সত এওঁ ঢুকায়। এওঁৰ পাছত ডক্টৰ ব্ৰন্সন গুৱাহাটীলৈ যায়।

 যীশুৰ ত্যাগ আৰু বিশ্বপ্ৰেমৰ মহান আদৰ্শ বুকত বান্ধি সুদূৰ আমেৰিকাৰ বষ্টন নগৰীৰ মাতৃভূমি এৰি অহা এই মহানুভৱ মিস্যনেৰীসকলৰ বহুমুখী প্ৰতিভা আৰু উদ্যমৰ বিকাশ দেখুৱাবলৈ শেষত এইদৰেই এটি নতুন ছেগ মিলিল। শেন চকুৱা এই পাদ্ৰীসকলে ততালিকে এই সুযোগ দেখা পালে। কিয়নো যেই সেই শিক্ষা বা ধৰ্ম প্ৰচাৰৰ বাবে মাতৃভাষাৰ সিংহ-দুৱাৰেদি সোমাবই লাগিব, আৰু অসমৰ এই সিংহ দুৱাৰ জপোৱা বাবে তাক মেলি লোৱাকেই তেওঁলোকৰ প্ৰথম কৰ্ত্তব্য বুলি অনুভৱ কৰিলে। অসম নামে এখন ঐতিহ্যপূৰ্ণ দেশ আছে আৰু অসমীয়া নামেৰে এটা পুৰণি সংস্কৃতি-সভ্যতাৰে সমৃদ্ধিশালী জাতি আছে, কিন্তু তেওঁলোকৰ এটা লেখৰ ভাষা নাই, ৰজাঘৰীয়া এই আকোৱালি নোপোৱা ভূলটো দেখিবলৈ এওঁলোকৰ সৰহ চিন্তা-গৱেষণাৰ প্ৰয়োজন নহল। কিন্তু বিদেশী আমোলৰ লগে লগে অসমলৈ ভাত-কাপোৰ বিচাৰি অহা কেলেহুৱা কিছুমানৰ কথাতে যি ইংৰাজ শাসকবিলাকে পতিত-পাৱনী অসমীয়া ভাষাক বঙলাৰ চহা ৰূপ বুলি বিনা বিচাৰে ততালিকে সিংহাসন-চ্যুত কৰিছিল, তেওঁলোকক এতিয়া চকুত আঙুলি দি বুজাই দিব লগা হল যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা। এই প্ৰসঙ্গত এওঁলোকে লিখে—“অসমীয়া আৰু বঙলা উভয় ভাষাতে চলা ইমানবোৰ উমৈহতীয়া শব্দ দেখি আৰু একে মাক সংস্কৃতৰ পৰা দুই ভাষা (জীয়ৰীৰ) এনে মিল যে হবই তাক তৰ্কিব নোৱাৰি, থলুৱা উপভাষাৰে বুজিব নোৱৰাকৈ খেলিমেলি হোৱা বঙলা ভাষাৰ চহা ৰূপেই অসমীয়া ভাষা বুলি হুতাই-তাইকৈ থিৰাং কৰা হৈছে। অসমীয়া ভাষা বঙলাৰ পৰা ওলাইছে বোলাটোৱেই একেবাৰে খাপ নোখোৱা কথা; কিয়নো মুছলমান মাৰণৰ আগত অসমলৈ কেতিয়াও বঙালী অহা নাছিল, কিন্তু তাৰ আগতেই অসমীয়া ভাষা নিজ স্থানত সুপ্ৰতিষ্ঠিত আছিল।...... সৌন্দৰ্য্য আৰু কোমলতা গুণত অসমীয়া বঙলাৰ বহুত ওপৰত।”

 আওপাকে হলেও কিন্তু এই প্ৰতিকূল অৱস্থাই অসমীয়াৰ নিশ্চয় উপকাৰহে কৰিলে; কিয়নো অসমীয়া ভাষাৰ স্বতন্ত্ৰ প্ৰমাণ কৰিবৰ বাবে নোহোৱা হলে এই পাদ্ৰীসকলে বৰ্তমান অসমীয়া সাহিত্যৰ ভেটি এনে শকতকৈ বান্ধিবলৈ