পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮১
বৰ্ত্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


১৮৩৬ৰ ১৮ অক্টবৰত ডক্টৰ মাইলছ্ ব্ৰন্সন আৰু ৰেভাৰেণ্ড জেকব থমাছ দুয়ো নিজ পৰিয়াল লৈ সুদূৰ আমেৰিকাৰ বষ্টন নগৰীৰ পৰা অসম অভিমুখে যাত্ৰা কৰে। কলিকতা পাই তেওঁলোকে তাৰ পৰা ১৮৩৭ৰ ২৬ এপ্ৰিলত ব্ৰাউন আৰু কট্টৰৰ পথ অনুসৰি সদিয়ালৈ যায়। বাটত দুইটা পৰিয়ালেই অতিকৈ অসুখ ভোগে; পিছে সবাতকৈ ব্ৰন্সনৰে নৰিয়া শকত। ব্ৰন্সনলৈ ঔষধ পাতি আনিবলৈ বুলি এখনি সৰু নাৱত থমাছ কোবেৰে উজাই যাওঁতে পাৰৰ গছ এজোপা খহি নাও বুৰি থমাছৰ মৃত্যু হয়। সেইদিনা ১৮৩৭ ৰ ৭ জুলাই; ১৫ জুলাইত বাকীখিনি কোনোমতে সদিয়া পায়গৈ॥

 ব্ৰন্সনে অলপ দিনৰ পাছতে সদিয়াৰ পৰা আহি জয়পুৰত চিংফৌৰ মাজত ধৰ্ম-প্ৰচাৰ কাম আৰম্ভ কৰে। ইফালে ১৮৩৯ৰ জানুৱাৰীত খামতিবিলকে ঘৰ-বাৰী গাঁও-ভূঁই পুৰি ইংৰাজৰ বিৰুদ্ধে ভয়ানক বিদ্ৰোহ আৰম্ভ কৰে। তাৰ ফলত তাত থকা ইংৰাজ বিষয়াজনে খামতিৰ বিহসনা কাঁড়ৰ হানত প্ৰাণ এৰে, আৰু ব্ৰাউনে নিজ পৰিয়ালেৰে কাণে-কাণমাৰিয়ে প্ৰাণ লৈ পলাই আহে। কট্টৰৰ পৰিয়ালে অৱশো ইয়াৰ আগতে স্বাস্থ্যৰ বাবে সেই ঠাই সলনি কৰে। ১৮৪০ ত ব্ৰাউন্ আৰু কট্টৰক জয়পুৰত থৈ ব্ৰন্সন নগা পৰ্বতলৈ যায় আৰু নামচাঙত প্ৰচাৰ কাম চলায়। এই বছৰতে আমেৰিকাৰ পৰা ছাইৰছ বাৰ্কাৰ তেওঁৰ মেম আৰু কুমাৰী ৰোডা ব্ৰন্সনে সৈতে জয়পুৰলৈ আহে। কুমাৰী ব্ৰন্সনে ককায়েকৰ লগত প্ৰচাৰ কামত ধৰাৰ পাছতে ধাৰাষাৰ ৰোগত ভুগি দুয়ো আকৌ জয়পুৰলৈ আহে, আৰু ইয়াতে এই বছৰৰ শেষ ভাগত কুমাৰী ব্ৰন্সন ঢুকায়। ইফালে এতিয়া মানে জয়পুৰৰ মিস্যনেৰীসকলে দেখিলে ভৈয়ামত অসমীয়াৰ মাজত প্ৰচাৰ কাৰ্য্য অধিক সফল হোৱা সম্ভৱ; এতেকে ১৮৪১ৰ পৰা এওঁলোক অসমৰ ভৈয়ামৰ উজনি-নামনি জুৰি পৰিল। বৰ মাহ মান জয়পুৰতে থাকি সেই বছৰৰ মে মাহতে বাৰ্কাৰ শিৱসাগৰলৈ যায়, আৰু অলপ দিনৰ পাছতে ব্ৰাউন আৰু কট্টৰৰ পৰিয়ালেও এওঁক তাত লগ ধৰেগৈ। এই বছৰৰে অক্টবৰত এইবাৰ জয়পুৰৰ ওচৰত নগাৰ ভিতৰত বিদ্ৰোহৰ সূত্ৰপাত হোৱাত ব্ৰন্সন নগাঁৱলৈ ভটিয়াই গৈ তাত নতুন কুঠি পতে; আৰু তাতে নিগাজি হৈ লৈ প্ৰচাৰৰ লগে লগে ১৮৪৩ ত এটি পঢ়াশালি আৰু এটি মাউৰাশালি পাতে। ১৮৪৩ ত বাৰ্কাৰে শিৱসাগৰ এৰে আৰু তেজপুৰত অলপ দিন থাকি শেষত গুৱাহাটীত থিতাপি হয়গৈ। এৱেই গুৱাহাটী মিস্যন