মানুহ মাত্ৰই পৰম্পৰ সমান, এক ঈশ্বৰৰ সন্তানৰূপে আটাই ভাই ভাই, আৰু
সেইবাবেই কোনো কাৰো অধীন নহয়, এনে অভিনৱ বাণীয়ে সদৌ অসমীয়াক
চিৰকাললৈ উল্লাসিত কৰাত এই আন্দোলনৰ যোগেইহে অসমীয়া জাতিয়ে জয়ে
জয়ে সৰ্বভাৰতীয় চৈতন্য লাভ কাৰিছিল৷
এলিজাবেথৰ যুগৰ ইংৰাজী সাহিত্যৰ দৰেই শঙ্কৰী যুগৰ অসমীয়া সাহিত্য নিশ্চিতভাৱে যোগাত্মক কোনো বিষাদ, অৱসাদ বা সন্দেহবাদৰ বাবে ইয়াত ঠাই নাই। এই যুগৰ লেখত প্ৰত্যেকখন বৈষ্ণৱ গ্ৰন্থৰ প্ৰত্যেক শাৰীয়েই আশাবাদ আৰু আনন্দবাদৰ বাণীৰে পৰিপূৰ্ণ; ইয়াৰ মতবাদ সুস্পষ্ট, আৰু লক্ষ্য সুস্থিৰ। এলিজাবেথ যুগৰ সাহিত্যৰ লগত পাৰ্থক্য ৰূপে কব পাৰি শঙ্কৰী সাহিত্যৰ পৰা তিনিটি অনন্তলৈ বাট; প্ৰথমটি কৰ্মৰ অনন্ত, দ্বিতীয়টি মানসিক অনন্ত, আৰু তৃতীয়টি আধ্যত্মিক অনন্ত। শঙ্কৰদেৱ-মাধৱদেব আদিয়ে প্ৰচলিত প্ৰৱল বিৰুদ্ধ মতবাদৰ সন্মুখত যি প্ৰচাৰ কাৰ্য্য চলালে সি তেওঁলোকৰ কৰ্মৰ অনন্তৰ সঙ্কেত দিয়ে, অঙ্ক, গদ্য, বৰগীত আদি অভূতপূৰ্ব স্ৰজনমূলক প্ৰতিভাৰ দ্বাৰা উদ্ভাসিত সাহিত্য নিয়ে মানসিক অনন্তৰ নিদৰ্শন তুলি ধৰে, আৰু বৈষ্ণৱ ধৰ্মৰ অপূৰ্ব দৰ্শন, তত্ত্ব আৰু তথ্যশিয়ে আধ্যাত্মিক অনন্তৰ সহাৰি দিয়ে।
সমাল মজলীয়া আৰু তল খাপৰ বোলা সকলে মূৰ তুলি উঠাও ইংলেণ্ডৰ এলিজাবেথৰ যুগৰ দৰে অসমৰ বৈষ্ণৱ যুগৰ এটি বিশেষ লক্ষণ; প্ৰভেদ এয়ে ইংলণ্ডৰ জন-গণৰ সেই জাগৰণ সাহিত্যত প্ৰতিফলিত হৈছিল, কিন্তু অসমৰ এই উত্থান বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ প্ৰচাৰৰ ফল যে আছিল মায়ামৰা জন-আন্দো লনেই আকৌ তাৰ নিদৰ্শন। সুবিধা ভোগবিলাকৰ সুবিধাই ধৰ্ম আৰু তেওঁলোকৰ মুখৰ কথাই বেদ বুলি এতিয়া কোনেও নমনা হল; কিয়নো বেদ-পুৰাণৰ সকলো কথা পানী যেন কৰি বৈষ্ণৱ প্ৰচাৰকসকলে এওঁলোকক এতিয়া যুক্তি বিচাৰৰ সৈতে মিলাই বুজাই দিলে। নীতি-বিৰুদ্ধ আৰু যুক্তি-বিৰুদ্ধ আচৰণ ধৰ্ম বুলি ভুৱা দিব নোৱৰা কৰি এই আন্দোলনে মানুহৰ আযত্ম-শুদ্ধিৰ আৰু পবিত্ৰ জীবন-যাপনৰ ওপৰত হেচা দিলে; ভাবুকি আৰু ভূযৱা আঁতৰাৰ লগে লগে এই আন্দোলনে এফালে যেনেকৈ বিকট আকাৰ ধাৰণ কৰিলে, আন ফালে নীতি, যুক্তি আৰু আত্ম-শুদ্ধিত হেচা দিয়াৰ বাবে ই এনে অসীম শক্তি লভিলে যে তাৰ স্বাভাবিক গতি সহজে এই পাঁচ শত বছৰেও ৰহিত হোৱা নাই। বৰ্ত্তমান আৰু ভবিষ্যত অসমীয়া সমাজৰ সঞ্জীৱনী শক্তিও এই ধৰ্মৰ প্ৰচাৰতে লুকাই আছে।