সাহিত্যৰ বুৰঞ্জী স্বৰূপাৰ্থত শঙ্কৰদেৱৰ বিস্তৃত জীৱনী মাত্ৰ। ইয়াৰ বিপুল
বপু আৰু অসীম শক্তি , একোতে ইয়াৰ ৰিজনি সহজে নোলায়; এই বাবে
সদায় ইংলণ্ডৰ এলিজাবেথ যুগৰ সাহিত্যৰ লগত ইয়াৰ তুলনা কৰা হৈছে
কিন্তু অসমৰ সাংস্কৃতিক, সামাজিক আৰু জাতীয় জীৱনৰ লগত বৈষ্ণৱ
সাহিত্য সম্পৰ্ক যিমানে দলৈ শিপোৱা, ইলেণ্ডৰ লগত এলিজাবেথৰ যুগৰ
সাহিত্যৰ সম্বন্ধ কোনোমতে তেনে গভীৰ বুলিব নোৱাৰি। সচাকৈয়ে অসমীয়া
জাতিৰ বহুমুখী জীৱনৰ, কাৰ্য্যশক্তিৰ একোটা উহ, কম্পন-কেন্দ্ৰ-শঙ্কৰদৱ।
পঞ্চদশ শতিকাৰ মাজছোৱাৰ পৰা বৈষ্ণৱ যুগৰ আৰম্ভ ধৰা হৈছে, সি সম্পূৰ্ণ
সঠিক নহয়; কিয়নো ফেহুজালি দিয়া উষা সময়ৰ পৰাই যদি দিন হয়, তেন্তে
দ্বাদশ শতিকা কিয়, সম্ভৱ চতুৰ্থ শতিকা মানৰ পৰাই ইয়াৰ ভুমুকি ধৰিব লাগিব।
শঙ্কৰদেৱৰ দুশ বছৰৰ শেষত ইয়াৰ সামৰণি ধৰা হৈছে, সিও অসম্পূৰ্ণ; কিয়নো
বেলিৰ শেষ কিৰণ মাৰ নোযোৱালৈকে যদি দিন হৈ থাকে, তেনেহলে উনবিংশ
বা বিংশ শতিকা কিয় আৰু কিমান কাললৈকে বৈষ্ণৱ যুগৰ জিলিঙনি পৰি
থাকিব তাক এতিয়াই কোৱা টন। মুঠতে সাহিত্যত কি, সামাজিক বা জাতীয়
জীৱনত কি, বৈষ্ণৱ ধৰ্ম তথা শঙ্কৰদেৱৰ পৰা অসমীয়াক ছিন্ন কৰিব পৰা কোনো
আন্দোলন এতিয়ালৈকে ঘটা নাই আৰু সহজে ঘটিবৰ সম্ভাৱনাও তাকৰ
ইয়াৰ কাৰণ বহুতো৷। পোনতে, আৰবীয় উপন্যাসৰ কাহিনীৰ দৰে অসমীয়া জন-
গণৰ হৃদয়ৰ দুৱাৰ মেলা’’ মন্ত্ৰ জানিছিল একমাত্ৰ শঙ্কৰদেৱে; দুনাই সেই মন্ত্ৰ
আৰু কোনেও মাতিব জনা নাই এই বাবেই শিৰোমণি পণ্ডিতৰ পৰা নিৰক্ষৰ
হুজুৱা-বাটৰুৱালৈকে, বুঢ়া-বুঢ়ীৰ পৰা লৰা-ছোৱালীলৈকে, চিৰকাল অসমীয়া
জাতিৰ বেদব্যাস কেৱল শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, ৰামসৰস্বতীসকল।
দ্বিতীয়ত, কৌটিকলীয়া ফাপৰে ধৰা আধ্যাত্মিক আমোলা-তন্ত্ৰৰ অন্যায়-অত্যাচাৰ,
ভণ্ডামি-বুজৰুকি’’ আৰু পাপ-কপটতাৰ লৰাব-চৰাব নোৱৰা গধুৰ শিলছটা
সমাজৰ বুকৰ পৰা গুৰিয়াই পেলাই এই পবিত্ৰ আত্মা-শুদ্ধিৰ ধৰ্মই সমাজক যি
সকাহ লাভ কৰালে , তাৰ বাবেও তেওঁলোকত যাউতি-যুগীয়াকৈ কৃতজ্ঞতাব পাশত
বান্ধ খাই থাকিল। তৃতীয়ত, ৰাজনৈতিক ক্ষেত্ৰত ফৰাছী বিপ্লৱে যি সাম্য-মৈত্ৰী-
স্বাধীনতাৰ বাণী ঘোষণা কৰিছে, তাৰ কেইবা শ বছৰৰ আগতে ভাৰতত বৈষ্ণৱ
ধৰ্মই আধ্যাত্মিক ক্ষেত্ৰত সেই বাণী ঘোষণা কৰি জন-গণৰ প্ৰাণত তোলা
অভূতপূৰ্ব আন্দোলনৰ হেন্দোলনি শ শ বছৰতো গুচা নাই। জন্মৰ দ্বাৰা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৭
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য