পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


 
 তোমাৰ নতুন নাম-ধাম? নাজানোও, নালাগে জানিব; “সত্য” মাথোঁ একেটি ঠিকানা। পাৰ্থিৱ হাতেৰে উছৰ্গিলোঁ ইটি। —সন্তাপ ই হৃদয়ৰ নিভৃত কোণৰ, প্ৰকাশৰ বাবে যাক চকুলোৱে, বিচাৰি নাপায়! কৃতজ্ঞতা অন্তৰৰ অতল তলিৰ, প্ৰচাৰৰ বাবে যাক ভাষা মৰে হাবাথৰি খাই!!

(২)

 বাৰটি বছৰ, প্ৰিয়ে, এটি যুগ! তুমি মোক এৰি গ’লা!, পাতি গ’লাঁ ধ্যানী, যোগী, বিষয়-বিৰাগী, অনিচ্ছাসত্ত্বেও মোৰ!! স্ত্ৰৈণ তুলসী দাসক পত্নীয়েকে পাতিছিল কবি, ভক্ত, অনাসক্ত। জীৱিতা স্বৰূপে হাত মোৰ সাৰিব নোৱাৰি মৃত্যুৰ আশ্ৰয় ল’লাঁ—“স্বামী মোব যোগী হোক, ভক্ত হোক, সংসাৰ-বিৰাগী হোক!’ মাৰাত্মক সঙ্কল্প তোমাৰ!! “বৈৰাগ্য সাধনে মুক্তি, সে আমাৰ নয়।’’ তেও মোক কিলাই কৰিবাঁ বেজ? বাসুদেৱো কিললৈ দঁড়ায় : গুৰুলা-গুৰুল সেই কিলৰ তাপত নিজকে পাতিলোঁ ধ্যানী, যোগী, বিষয়-বিৰাগী!

 বাrটি বছৰ, প্ৰিয়ে, এটি যুগ! এইবাৰ বহিলে যোগতঃ ধ্যান-ধাৰণা যম নিয়ম আসন, প্ৰাণায়াম প্ৰত্যাহাৰ সমাধি প্ৰভৃতি অষ্টাঙ্গ যোগৰ বলে অনিমা লঘিমা প্ৰাপ্তি প্ৰাকাম্য মহিমা, ঈশিত্ব বশিত্ব আৰু কাম-বশয়িতা, অষ্টাঙ্গ ঐশ্বৰ্য্য লভি হ’লোঁ মহাযোগী। চুলিয়ে বান্ধিলে জটা-জুট; শৰীৰৰ তেজ মাংস মেদ আপুনি লুকাল শৰীৰত : উঁই-মাটি দ’ম হ’ল মূব-ওপৰত! অৰূপৰ ৰূপ তেও জপ কৰোঁ মই: “নয়নে তোমায় পায়নি দেখিতে, ৰয়েছ নয়নে নয়নে!”

 ......তন্দ্ৰালস কৰোঁ অনুভৱ; গধুৰ গধুৰ লাগে চকুৰ দুপটা। অহ্, চিলমিল টোপনিত জিলমিল কিহৰ জেউতি? কোন সিটী সদ্যস্নাতা, শুচিব্ৰতা, অনৱগুণ্ঠিতা, পীন-পয়োধৰা! “অদ্যাপি তাম্ ভুজলতাৰ্পিত কণ্ঠপাশমঃ বক্ষ-স্থলম মমাপিধায় পয়োধৰাভ্যাম্। ঈষন্নিমীলিত সলিল বিলোচনান্তাম্ঃ পশ্যামি মুগ্ধবদনাং বদনং পিবন্তিম্॥”.....

 “ওম তৎসৎ।” হে নিৰ্গুণ, লিঙ্গহীন ৰূপহীন তুমি; পুনু নাৰী ৰূপে মোত মজিলাঁ, মজালাঁ!! তুমি যে অমৃত সিন্ধু; জল-বিন্দু মই, যেন নিজতে হেৰাওঁ! তোমাৰ অভয় বাণী—“যে নদী মৰু-মাঝে হাৰাল ধাৰা। জানিহে জানি তাও হয়নি হাৰা।”

শ্ৰীডিম্বেশ্বৰ নেওগ