সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পুথি এক


আদি মধ্যযুগৰ অসমীয়া সাহিত্য


আগকথা (ক) ৰাজনৈতিক পৰিস্থিতি : —চীনা পৰ্য্যটক য়ুয়ান্ চোৱাঙৰ “ভ্ৰমণ-বৃত্তান্ত", বাণভট্টৰ “হৰ্ষ-চৰিত" কাব্য আৰু প্ৰাক-ঐতিহাসিক কাম- ৰপৰ তামৰ ফলিবোৰ, প্ৰামাণিক এই তিনি মূলৰ পৰা সপ্তম শতিকাৰ আগছোৱাত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব সুপ্ৰতিষ্ঠিত বুলি ধৰা হয়। বহু- মূলীয়া চীনা ঐতিহাসিক টোকা আৰু কৰ্ণ-সুবৰ্ণৰ পৰা দান কৰা মাটিদান ফলিৰ পৰা কুমাৰৰ পূব-ভাৰতৰ সাৰ্বভৌমত্ব প্ৰমাণিত হয়। তেওঁৰ বাজত্বৰ অৱসানৰ সৈতে বৰ্মণ বংশৰ ওৰ পৰিলত ম্লেচ্ছাধিনাথ শালস্তম্ভৰ ৰাজত্বৰ পাতনেৰে কামৰূপত যি একুৰি এজন ৰজাৰ নতুন বংশৰ পাতনি মেলে, সেই বংশৰে ৰজা হৰ্ষদেৱৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰায়, আৰু তেওঁৰ তিব্বতীয় ১৫৩ অব্দৰ (৭৮৪খৃঃ) শিলালিপিত সেই "ভগদত্ত- ৰাজ-কুলজা" ৰাজামতীৰ পিতাক হৰ্ষদেৱক “গৌড়োল্লাদি-কলিঙ্গ-কোশলপতি" অৰ্থাৎ বঙ্গ, বিহাৰ, উড়িষ্যা আৰু গঞ্জামৰো অধিপতি বুলি অভিহিত কৰিছে। বৰ্মণ বংশৰ পৰবৰ্ত্তী এই একৈশ জনীয়া ৰজাৰ বংশৰ শেষ অধিপতি ত্যাগ- সিংহৰ পাছত দশম শতিকাৰ মাজভাগ মানত ব্ৰহ্মপালত আৰম্ভ হৈ সম্ভৱতঃ দ্বাদশ শতাব্দীৰ মাজছোৱাত ধৰ্মপালত শেষ কৰি কামৰূপত যি পাল ৰাজত্বৰ পাতন হল, এই তিনিও বংশৰ কামৰূপী ৰজাসকলে সমভাৱে একে হাতীৰ মোহৰকে ব্যৱহাৰ কৰিছিল, একে বৰাহ-পৃথিবী-সম্ভূত নৰক-ভগদত্ত ৰজাৰ উত্তৰাধিকাৰিত্ব দাবী কৰিছিল, আৰু ৰাজ্য-বিস্তৃতি সম্পৰ্কে সম্ভৱতঃ একে ৰাজনৈতিক প্ৰতিপত্তি ৰক্ষা কৰিছিল। ৰামায়ণ-মহাভাৰতৰ অসংখ্য উল্লেখৰ পৰা এই দেশৰ প্ৰাচীন নাম প্ৰাগ্ জ্যোতিষ, আৰু পুৰাণৰ কালৰ পৰা য়ুয়ান্ চোৱাং কালিদাস আদিৰ যুগৰ ভিতৰেদি একাদশ শতিকাৰ আলবেৰুণী আদিৰ কাললৈকে প্ৰাগ্ জ্যোতিষৰ পৰা কামৰূপলৈ এই দেশৰ নামৰ পৰিবৰ্ত্তন; তদুপৰি পুৰণি ৰাজধানী সম্ভৱতঃ গুৱাহাটীত থকা প্ৰাগজ্যোতিষপুৰৰ পৰা তেজপুৰত থকা হাৰুপেশ্বৰ আৰু তাৰ পাছত নগাঁৱত থকা দুৰ্জয়ালৈ, আৰু শেষত সম্ভৱতঃ কমতাপুৰ বা কামৰূপনগৰলৈ স্থানান্তৰিত হয়।