পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

আৰু এনে তথ্যেৰেই অসমীয়া ভাষা বিষয়ে তথাকথিত মৌলিক বৈজ্ঞানিক গৱেষণাও প্ৰচাৰিত হৈছিল।

 এনেতে জানিবা পূণ্যস্মৃতি বেণীমাধৱ বৰুৱাই কামৰপ শাসন-মালাৰ সংস্কৃত ৰচনাত থকা কামৰূপী প্ৰাকৃতৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষণ কৰে, আৰু সেই নিৰ্দেশ মতেই পম খেদি কামৰূপী স্বতন্ত্ৰ প্ৰাকৃতৰ সম্পূৰ্ণ আভাস পাবলৈ সমৰ্থ হওঁ। তেতিয়া জ্বল জ্বল-পটপটকৈ দেখিবলৈ পাওঁ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া বঙলা আদি ওলোৱা বোলা ইমান দিনৰ কথাটো এটা ভুৱাহে, কিয়নো বাস্তৱতে মাগধীৰ লগত কামৰূপী তথা অসমীয়া-বঙলা ভাষাৰ কোনো মৌলিক সম্পৰ্ক নাছিল আৰু থাকিবৰো কোনো উপযুক্ত হেতু নাছিল। প্ৰাক্- ঐতিহাসিক আৰু আদি-ঐতিহাসিক অসমৰ সামাজিক ইতিহাস লিৰিকি- বিদাৰি চাওঁতেই ধৰা পৰিল অন্ততঃ ভাস্কৰ বৰ্মাৰ কালত আৰু সম্ভৱ তেওঁৰ আজো-ককাক ভূতিবৰ্মাৰ দিনতো বৰ্তমানৰ সমগ্ৰ বঙ্গদেশ সামৰি বিহাৰৰ পূব ছোৱালৈকে সদৌ পূব-ভাৰত ৰাজনৈতিক তথা সামাজিক আৰু সাংস্কৃতিকভাবে প্ৰাচীন বিশাল কামৰূপ ৰাজ্যৰ ভিতৰুৱা আছিল। তাৰ প্ৰমাণ ৰূপে বঙালী মৈথিলী ভাষা আৰু লিপি অসমীয়াৰে (বৰ্তমান অসমীয়া 'ৰ’ সামৰি) বাস্তৱতে একে আছিল; আৰু পাবত গজাবলৈ চোৱা বঙালী পণ্ডিতবিলাকৰ কথা এৰিও বৈজ্ঞানিকভাৱে বঙালী পণ্ডিত কোৱা বঙ্গ ভাষাৰ প্ৰথম তিনিখন পুথি চৰ্যা- চৰ্য-বিনিশ্চয়, শূন্যপুৰাণ আৰু, কৃষ্ণকীৰ্ত্তন স্বৰূপতে যে প্ৰাচীন অসমীয়া ভাষাৰ পুথি সেই কথা আমি দুকুৰি বছৰমানৰ আগৰ পৰাই দেখুৱাই আহিছিলোঁ।

 যি কালৰ পৰাই কামৰূপী প্ৰাকৃতৰ চানেকি পোৱা হৈছে সেই কালৰ পৰাই কামৰূপী লিপিও একে ঠাইতে পোৱা হৈছে। প্ৰসিদ্ধ লিপিতত্ত্ব-বিশাৰদ সকলৰ মতে দেবনাগৰী লিপিৰ যি কাল পোৱা হয়, কামৰূপী লিপি তাতকৈ অন্ততঃ দুশ বছৰৰ আগৰ যে সন্দেহ নাই। তিনি চাৰি নিৰ্ভৰযোগ্য প্ৰমাণৰ পৰা ভাস্কৰবৰ্মাৰ কাল সপ্তম শতিকাৰ আগভাগত সুপ্ৰতিষ্ঠিত যেতিয়া, তাৰ পৰাই প্ৰাচীন শাসন-মালাত দিয়া ঠাৱৰ বংশ-লতাইদি বগাই অন্ততঃ চতুৰ্থ শতিকালৈকে কামৰূপৰ ঐতিহাসিক ঘটনাবোৰ সঠিকভাবে পাওঁহক। দ্বাদশ শতিকাৰ শেষ ছোৱাত কামৰূপী লিপি সম্পূৰ্ণ আধুনিক অসমীয়া গঢ়লৈ অহা আমি দেখা পাওঁহক : কানাই বৰশী-বোৱা শিলা-লিপিৰ ফটোগ্ৰাফ তাৰ প্ৰমাণ ৰূপে ছপাই দিয়া হৈছে।