পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য বিচাৰ। ৪২৫ তেও দুয়োটা শব্দ একে লগে লিখিলে শুনিবলৈ ভাল হয় দেখি তেওঁ অৰ্থলৈ বৰ কাণ নকৰে। এনেকুৱা কথা সকলো প্ৰৱন্ধতে পোৱা যায়। ইও সাহিত্যৰ এবিধ অলঙ্কাৰ, এতেকে এই দোষ গুচাবৰ একো উপায় নাই। | ভালকৈ গমি চালে দেখা যায়, যে কথা লিখি উলিয়ালে তাৰ গঢ় আগৰ দৰে নাথাকে। মানুহৰ মুখৰ পৰা গৈ কাপৰ মুখত পৰিলেই মূৰ্ত্তি বেলেগ হয়। কদাকাৰ বস্তু শুৱনি হৈ পৰে, মিছাকো সঁচা যেন লাগে। ইয়াৰ কাৰণ এক প্ৰকাৰে আগেয়েই কোৱা হৈছে। বাঢ়ৈ আৰু খনিকৰে যেনেকৈ সাধাৰণ কাঠ বা মাটি এডোখৰকে সুন্দৰকৈ চাচি কাটি তাৰ ওপৰত ধুনীয়া ৰহন লগাই চিচিকীয়া কৰি পেলায় সেই দৰে লিখকেও এটা অতি সামান্য বস্তুকে সুন্দৰ সুন্দৰ শব্দ আৰু উপমা যোজনা দি সজাই এনে শুৱনি কৰিব পাৰে যে, তাক আগৰ সেই সামান্য বস্তুটো বুলি চিনিবই নোৱাৰি। এই দেখিহে কিতাপত পঢ়া ঠাইবোৰ বা মানুহ বিলাকক চাবৰ মন যায়। যি এবাৰ কাদম্বৰী বা শকুন্তলা পঢ়িছে, তাৰ মনত সদাই এনে ইচ্ছা যে পুনৰাই সেই দিন উলটি আহক, পুনৰপি যেন অৰণ্যৰ মাজত সেই দৰে মুনিৰ আশ্ৰম দেখিবলৈ পাব। মহাভাৰতত নৈমিষাৰণ্যৰ কথা পঢ়ি এনে বোধ হয় যে সেই হাবি স্বৰ্গৰ নিচিনা সুখময়, মহা পবিত্ৰ ঠাই। কিন্তু যদি সেই ঠাইবোৰ চাবলৈ যোৱা যায়, তেন্তে দেখিবা যে কিতাপত পঢ়ি যেনে লাগিছিল আচলতে তেনেকুৱা নহয়। আমি থকা ঠাইবোৰ যেনেকুৱা সিও প্ৰায় তেনেকুৱা, অলপহে যদি প্ৰভেদ ওলায়। এই এটাইবোৰ কবিৰ কাপৰ গুণ। | সাহিত্যৰ সাধাৰণ লক্ষণ কেনেকুৱা তাক কৈ এটালো। বোধ কৰে। এতিয়া ওপৰৰ আলোচনা পঢ়িলে সাহিত্য কিহক বোলে অনায়াসে কব পৰা যায়। কিন্তু এতিয়াও এটা কথা বাকী। সাহিত্য হবৰ দিন ধৰি আজিলৈকে একে দৰে আছেনে, বেলেগ হৈছে তাৰ কথা মুঠে কোৱা নাই। আজি কালি যদি সাহিত্য কিছু বেলেগ হৈছে, তেনেহলে আদিতে কেনেকুৱা আছিল আৰু এতিয়ানো তাৰ ৰূপ কেনে হৈছে, এই কেটা কথাৰ মীমাংসা হলেই সাহিত্যৰ সাধাৰণ অৱস্থা ও পৰে। সকলো বস্তুৰ যে পৰিবৰ্তন আছে এই কথা সকলোৱে জানে। পৃথিবীৰ ভিতৰত এনে একো বস্তু নাই যি আদিৰে পৰা আজিলৈকে একে দৰে আছে। সাহিত্যৰৰ সেই দৰে সময়ৰ লগে লগে গঢ় লৰিবই লাগিছে। আদিতে যেনেকুৱা জাছিল এতিয়া তেনে নহয়; ইয়াৰ প্ৰকাৰ আজি কালি বেলেগ হৈছে। আগৰ ৫৪