৪২৪ অসমীয়া সাহিত্যৰ চানেকি। এই দুটা অৰ্থৰ কোনটো সঁচা বুলি লব লাগিব তাক ঠাৱৰকৈ কোৱা টান। কিন্তু সেই বুলি মানুহে বৰ্ণনাৰ আচল ভাবটো ধৰিব নোৱাৰে নে? অৱশ্য পাৰে। সুদীৰ্ঘ বা অতিশয় দীঘল বুলিলে এনে বুজা যুগুত যে সচৰাচৰ গছৰ ডাল যিমান দীঘল হয়, এই জোপা গছৰ ডালো সিমানেই দীঘল আছিল। কোনো এটা কথা লিখিব লাগিলে কিছু বঢ়াই নেলেখিলে নহয়; নাইবা বৰ্ণনাৰ ৰস নাইকিয়া হৈ পৰে। সেই গছ জোপাৰ ডালকেটা বৰ্ণাওঁতে যদি সুদীৰ্ঘ নুবুলি এশ বা ডেৰশ হাত বুলি আচল জোভটো দিয়া যায়, তেনেহলে প্ৰৱন্ধৰ ভাষা সুললিত নহব পাৰে, বা আন কোনো প্ৰকাৰে বেয়া হব পাৰে। এই কথাটো মানুহে গমি নাচায়। বৰ্ণনাত যি পায় তাকে বিশ্বাস কৰে। ৰামায়ণত কয় যে হনুমন্তে হেনো নোমে নেমে একোখন পৰ্বত বান্ধিলৈ জপিয়াইছিল, এই কথাটো কেৱল ভাবৰ বহুলতা মাখোন। ইয়াৰ দ্বাৰাই কবিয়ে দেখাইছে, যে হনুমন্ত বৰ বলবান আছিল, তেওঁ বৃহৎ বৃহৎ পৰ্বতকো তৃণ যেন দেখিছিল। আচলতে যে হনুমন্তে দহ হাজাৰ পৰ্বৰত গতি বান্ধিলৈ জাপ মাৰিছিল এনে কথা নহয়। ৰামায়ণ আৰু মহাভাৰতত এনেকুৱা শব্দ আৰু ভাৱৰ আধিক্য অনেক পোৱা যায়। আন আন পৃথিত আছে হয়, কিন্তু পৰিমাণে ইমান নহয়। এই দুই পুথিত কথাবোৰ ইমান বঢ়াই লিখেছে যে তাৰ পৰা আচল সাৰ কথাখিনি বাছি উলিওৱা বৰ টান হৈ পৰিছে। পৃথিবীত আন যি বিলাক জাতি আছে তেওঁলোকৰ সাহিত্যতো এই দোষ বা দোষযুক্ত অলঙ্কাৰ আছে; কিন্তু হিন্দু, গ্ৰীক আৰু মুছলমানৰ সাহিত্যত বৰ বেচি পৰিমাণে দেখা যায়। আন জাতিৰ লিখকে যদি একক চাৰি কৰে, হিন্দু আৰু মুছলমানে তাক চাৰি হাজাৰ নকৰে মানে নেৰে। এই দোষ অৱশ্য একেবাৰে গুচাব নোৱাৰি, কিয়নো ই সাহিত্যৰ এবিধ অলঙ্কাৰ। কিন্তু বহুতকৈ এনেকুৱা অলঙ্কাৰ লগালে ভাষা শুৱনী নহৈ কদাকাৰহে হয়। | ভাষাক অলঙ্কাৰ পিন্ধাব খোজোতে কেতিয়াবা মিছা কথাও কব লগীয়া হয়, অৰ্থাৎ যি বস্তুটো বা গুণটো নাই তাকো আছে বুলি কব লগাত পৰে। এই দোষটো প্ৰায় আখৰ মিলাওঁতে বা শুনিবলৈ সুললিত কৰোঁতেহে হয়। এটা শব্দৰ নিচিনা আন এটা শব্দ লগাওঁতে লিখকে দুই চাইটা মিছা কথা লিখে। বিবেচনা কৰাঁ, এজন লিখকে এটা মানুহক উত্ৰাৱল বুলি বৰ্ণাব, কিন্তু উত্তাৱল শব্দটোৰ দৰে আৰু দুই চাইটা শব্দ আছে; যেনে উগ্ৰ, উষ্ণ, বা উটনুৱা। পিচে লিখকে যেতিয়া উত্ৰাৱল শব্দটো লিখে তেতিয়া ভাষা সুশ্ৰাব্য কৰিবৰ মনেৰে উগ্ৰ বা উটনুৱা কথাও লিখি পেলায়। লিখকে জানিব পাৰে, যে উত্ৰাৱল মানুহজন উগ্ৰ বা উটনুৱা নাছিল,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৮৭
অৱয়ব