ৰত্নেশ্বৰ মহন্ত। মোৱামৰীয়া-বিদ্ৰোহ। ১ম বিদ্ৰোহ। বৰ ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূবেই প্ৰকৃতিৰ মূৰ্তি স্বভাৱতঃ শান্তিময়ী, গছবিলাক জঠৰ, “নিবাতনিষ্কম্পমিৱ প্ৰদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত ঘটনা ঘটাৰৰ নিমিত্তে প্ৰকৃতিৰ সংঙ্কেত অপেক্ষা কৰি ৰৈহে থাকে! আহোম ৰাজ্যত মোৱামৰীয়া বিলাকে যি ধুমুহা তুলিলে, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বই সেই ধুমুহাৰ কালৰ প্ৰকৃতিৰ এই শান্তিময়ী মূৰ্ত্তি! ৰুদ্ৰসিংহ স্বৰ্গদেউৰ দিনতে আহোম ৰাজ্যৰ ৰাজলক্ষীৰ পূৰ্ণ ভোগ, ৰুদ্ৰসিংহ স্বৰ্গদেউৱেই আহোম- ৰাজ্য গগনৰ মধ্যাহ্ন মাৰ্ত্তণ্ড। তেওঁৰ ৰাজ্যত কতত একে ব্যাঘাত নাই, অন্তবিপ্লব নাই, বহিৰ্বিবপ্লব নাই—ৰজা আৰু ৰাইজ উভয়েই ১৬১৭ পৰা ১৬৩৬ শকলৈকে এই ১৯ বছৰ নিৰুদ্বেগে কাল কটালে। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ ৰাজত্ব লৈ আমাৰ একো কথা নাই; বুৰঞ্জী পঢ়া পাঠক মাত্ৰেই জানে, তেওঁ কেনেকৈ নগৰৰ পৰাগৈ। গুৱাহাটীৰ উত্তৰ পাৰে মানৱলীলা সম্বৰণ কৰেগৈ। তাত এতিয়া যি ৰুদ্ৰেশ্বৰ শিৱ মন্দিৰ আছে, সেই শিৱমৰি এই মহাৰাজৰ মৃত্যু উপলক্ষেই তাত প্ৰতিষ্ঠিত হয়। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ পাঁচ জন কেঁৱৰ আছিল; তাৰে জ্যেষ্ঠ শিৱসিংহ, তদনুক্ৰমে প্ৰমথসিংহ, বৰজন গোঁহাইদেৱ (মোহনমালাদেউ ), ৰাজেশ্বৰ সিংহ আৰু লক্ষনীসিংহ। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ তিনি জনা কুঁৱৰী আছিল। প্ৰথম জনাৰ শিৱসিংহ আৰু প্ৰমথসিংহ, মজিউ জনাৰ মোহনমালাদেউ আৰু সৰু জনাৰ ৰাজেশ্বৰসিংহ আৰু লক্ষমীসিংহ স্বৰ্গদেৱ। ভটিয়াই যাওঁতে নগৰত শিৱসিংহ গোঁহাই- দেৱক যুবৰাজ পাতি থৈ যায়। স্বৰ্গদেৱৰ মৃত্যু হলে এই শিৱসিংহ গোহাই দেৱেই শিঙ্গৰী ঘৰত উঠি, আহোম-মতে চুতনফা নাম গ্ৰহণ কৰি, পিতৃ সিংহাসন আৰোহণ কৰে। মৰিবৰ সময়ত ৰুদ্ৰসিংহ স্বৰ্গদেৱে কৈ যায় যে তেওঁৰ লৰাকেটাই যেন জ্যেষ্ঠানুক্ৰমে ৰাজ্য পায়। সেই নিমিত্তেইহে ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ কেইজন- কোঁৱৰেই ৰজা হব পাৰে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৫
অৱয়ব