পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯১ সদানন্দৰ নতুন অভিধান।। তোমালোকৰ দুখ দেখি, দুখিনী ভাৰত মাতাৰ দুখ দেখি, মোৰ চকু-লল ধাৰে ধাৰে বইছে, হৃদয় বিদীৰ্ণ হব ধৰিছে। কিন্তু নিষ্ঠৰ স্বাৰ্থপৰ পুৰুষ জাতি তোমালোকৰ দুখলৈ নাচায়। “অতএব জাগ জাগ গো ভগিনী, মুখ হইতে আজি গুচুৱা ওৰণি।” ই এটা ৰিফৰ্ম্ম বা সমাজ সংস্কাৰৰ উত্তম দৃষ্টান্ত। ভাল বেয়া, আপোন পৰ, ন্যায় অন্যায়, ভক্ষ্যাভ্য স্পৰ্শাস্পৰ্শ, শুচি অশুচি, পাপ পুণ্য ইত্যাদি ভেদাভেদ গুচাই এক বকম কৰাৰ নামেই reform বা সংস্কাৰ। ব্যাভিচাৰ আৰু মদ খোৱাৰ বাট মুকলি কৰাই reform বা সংস্কাৰ। স্বেচ্ছাচাৰৰ ৰাজত্ব বঢ়োৱাই ৰিফৰ্ম্ম। | “স্ত্ৰী শিক্ষা”—চিঠি লিখিবলৈ শিকা; নাটক-নভেলৰ (উপাসৰ) পৰা। মূৰ নদঙ্গা, বোৱা কটা, ৰন্ধাবঢ়া আদি গৃহস্থালী কাম পাহৰা; শৰীৰ দুৰ্বলী, অকামিলা আৰু হাড়-ছাল শেষ কৰা; মন চঞ্চল, অসৎ আৰু কঠিন কৰা; দৰা এঙ্গাবলৈ শিকা, তিতাৰ উচিত কামবোৰ পাহৰা, তিতাক মতা কৰা, ফুলক বজ কৰা, সৰবৰক মৰুভূমি কৰা।। “স্ত্ৰী স্বাধীনতা”—তিকতাই বেইতা স্বামী এৰা বা স্বামী গ্ৰহণ নকৰা, অকলে অকলে ফুলনিত বতাহ লবলৈ যোৱা, শিক্ষিত বন্ধুক দেখা কৰা, বিনা পুৰুষে গৃহস্থালী চলোৱা, শাহু শহুক ঘৰৰ পৰা খেদোৱা, বা খাবলৈ নিদিয়া, গিৰিয়েকৰ দ্বাৰায় ৰন্ধা-বঢ়া-আদি সকোলো কাম চলোৱা, তিৰুক মুকলি কৰা বা পুৰুষ- হাতীৰ ওপৰত মাউত পতা। মুনিহৰ পিঠিত ভৰিদি হস্তীত আৰোহণ কৰা। “উদাৰ” বা “লিবৰেল”—যি নিজৰ দল, ধৰ্ম্ম, মত, কিতাপ, কাকত, স্বভাৱ, চৰিত্ৰ আদি সকলো অতি বেয়া হলেও বৰ ভাল দেখে আৰু আত্মশ্লাঘা কৰি ফুৰে; কিন্তু পৰৰ ভাল হলেও বেয়া বুলি নিন্দা কৰি ফুৰে; যি দিনটোত তিনটা কথা সলায়; মুহূৰ্ততে অলেখ পৰিবৰ্তন ঘটায়। | “কন্সৰভেটিভ” বা “ৰক্ষণশীল”—যি সকলো কথা গমি পিতিকি কৰে, হঠাতে একো নকৰে, বা নিজৰ মত এৰি পৰৰ মতত নধৰে; যি নিজৰ ধৰ্ম্ম, নীতি, জাতি, আচাৰ, ব্যৱহাৰ আদি হঠাতে দলিয়াই নেপেলায়; যি পৰৰ কথাত সোতৰ কচুৰ দৰে উটি নুফুৰে। “ভাৰ্য্যা”–( ভাৰ যোৰোৱা, ) স্বামীৰ কলগ্ৰহ, বংশৰ কলঙ্ক, ধাৰৰ পথ, খৰচৰ বাহ, অলঙ্কাৰ বোৱা গাধ, দল হাইৰ ভঁৰাল, দাঁতৰ হুল, চকুৰ কুটা ইত্যাদি। ইতি শ্ৰী ৰহস্য কাণ্ডে ওলোটা পৰ্বে সদানন্দৰ নতুন অভিধানং সম্পূৰ্ণ সমাপতং। শাকে শশিগজ বসুন।