অসমীয়া সাহিত্যৰ চানেকি। দুয়ো-আপুনি ইয়াত আছে বুলি, আশ্ৰম-বাসী সকলে বুজ পাই, আপোনালৈ এটি প্ৰাৰ্থনা জনাইছে। ৰাজা—কি আদেশ কৰিছে? দুয়ে-খেলে পূজনীয় কম্ব মহৰ্ষি ওচৰত নথকাত ৰাক্ষসবোৰে আমাৰ যজ্ঞৰ বিঘিনি জন্মাইছে; এতেকে মহাৰাজাই সাৰথিৰে সৈতে আহি কেই ৰাতি- মানৰ নিমিত্তে আশ্ৰমৰ সহায় হওকহি। ৰাজা-অনুগৃহীত হলো। বিদূষক-( কাণৰ গুৰিত ফুচফুচাই) এই প্ৰাৰ্থনা এতিয়া তোমাৰ উপকাৰী। ৰাজা--( মিচিকীয়াই হাঁহি ) ৰৈৱতক, মোৰ কথা সাৰথিক ক গৈ, যে ধনুখানে | সৈতে ৰথখান লৈ আহিব লাগে। দুৱৰী—সৰ্গদেৱৰ যি আজ্ঞা। ( বাহিৰ হয়)। দুয়ো--- (সহষে ) আপুনি পূৰ্বপুৰুষ সকলৰ অনুকৰণকাৰী; এই কাম আপোনাৰ উপযুক্ত হৈছে; পৌৰৱবিলাক নিশ্চয় বিপদগ্ৰস্ত বিলাকৰ প্ৰতি অভয়-দান- যজ্ঞত ব্ৰতী। ৰাজা—-( প্ৰণাম কৰি। আপোনাসকল আগ বাঢ়োক। ময়ো পাচতে গৈছে।। দুয়ো--জয় হওক! ( বাহিৰ হয়)। ৰাজা—মাধব্য, শকুন্তলাক চাবলৈ তোমাৰ মন গৈছে নে? বিদূষক—প্ৰথমে ইচ্ছা-পানীৰ ঢল উঠিছিল; এতিয়া ৰাক্ষসৰ কথা শুনি এটোপাও নাইকিয়া হল। ৰাজা—ভয় নকৰিবা; মোৰ গুৰিত থাকিবা নহয়। বিদূষক-ৰাক্ষসৰ পৰা ৰক্ষা পালে।। ( প্ৰবেশ কৰি) দুৱৰী—সৰ্গদেৱৰ বিজয়-যাত্ৰাৰ নিমিত্তে ৰথ সাজু হৈ আছে। আকৌ কৰভকে নগৰৰ পৰা মাদৈৰ বতৰা লৈ আহিছে। ৰাজা— সাদৰকৈ) মাতৃএ পঠাইছে নেকি? দুৱৰী—হয়। ৰাজা—সুমাই আন।। দুৱৰী—ভাল। ( বাহিৰ হৈ কৰভকে সৈতে প্ৰবেশ কৰি) এইয়া সৰ্গদেও, ওচৰ চাপ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪৩
অৱয়ব