শকুন্তলা। ৩৭৯ ৰাজাভোদা তপস্বীসকলক ৰক্ষা কৰাৰ নিমিত্তে আন প্ৰকাৰ ৰাজহ উঠে। তেওঁলোকে যি ৰাজহ দিয়ে তাক ৰত্নৰাশিতকৈও সাদৰেৰে গ্ৰহণ কৰিব লগীয়া। আনৰ পৰা ৰাজা সকলে যি কৰ পায়, তাৰ ফল ক্ষয় হয়, কিন্তু তপস্বী সকলে আমাক তপস্যাৰ ষষ্ঠভাগৰূপ যি কৰ দিয়ে, সি অক্ষৰ। | (নেপথ্যত)। বেচ! আমি কৃতাৰ্থ হলেহঁক। ৰাজা—( কাণদি) ধীৰ আৰু গম্ভীৰ স্বৰেৰ সৈতে, এওঁলোক তপস্বী হবলা। ( প্ৰবেশ কৰি ) দুৱৰী—সৰ্গদেৱৰ জয় হওক। ঋষিলৰ৷ দুজন আহি দুৱাৰমুখত উপস্থিত হৈছেহি। ৰাজা-তেনেহলে তেওঁলোকক সোনকালে ভিতৰলৈ আন। দুৱৰী—এই আনিছে। (বাহিৰলৈ গৈ ঋষিকুমাৰ দুজনেৰে সৈতে প্ৰবেশ কৰি) | এই পিনে, এই পিনে, দেউ সকল। ঋষি কুমাৰ দুজন—(ৰাজালৈ চায়)। • প্ৰথম-আহা! দেখাচোন, মহাৰাজা বৰ প্ৰভাৱশালী হলেও ওচৰ চাপিবলৈ একো ভয় নেলাগে। নাইবা ই হবই পায় কাৰণ তেওঁ ঋষি সকলতকৈ বৰ ভিন্ন নহয়; তেও সকলো আশ্ৰমীৰ ভোগযোগোৱা গৃহস্থাশ্ৰমত বাস কৰে; প্ৰজা পালন কৰাত তেওঁৰো প্ৰতিদিনে তপ সঞ্চয় হয়; আৰু জিতেন্দ্ৰিয় হোৱাত গন্ধৰ্ব-মিথুনে গোৱা আৰু আগত কেৱল ৰাজা শব্দ থকা তেওঁৰে। মুনি এই পুণ্য শব্দে বাৰম্বাৰ স্বৰ্গ স্পৰ্শ কৰে।। দ্বিতীয়--গৌতম, এখেতেইনে সেই ইন্দ্ৰৰ বন্ধু দুষ্যন্ত? প্ৰথম—এৰা। দ্বিতীয়—তেনেহলে ই আচৰিত নহয়, যে নগৰৰ দুৱাৰৰ অৰ্গল সদৃশ, দীঘল-বাহু বিশিষ্ট এই ৰজাই অকলৈয়ে এই নীল-সাগৰ-বেষ্টিত গোটাই খন পৃথিবী ভোগ কৰিছে আৰু দৈত্যবিলাকে সৈতে বৈৰিতা হলে, দেৱতাসকলে এখেৰ গুণ লগোৱা ধনু আৰু ইন্দ্ৰৰ বজৰ পৰাহে যুদ্ধত জয় আশা কৰে। দুয়ো-( ওচৰ চাপি) মহাৰাজাৰ জয় হওক। ৰাজা—( অসনৰ পৰা উঠি ) আপোনাসকলক প্ৰণাম কৰোঁ। দুয়ে—আপোনাৰ মঙ্গল হওক। ( ফল কিছুমান ভেটি দিয়ে )। ৰাজা—( প্ৰণাম কৰি ফলখিনি লৈ) আদেশ শুনিব খোজেঁ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৪২
অৱয়ব