৩৭২ অসমীয়া সাহিত্যৰ চানেকি। হাতৰ তলুৱা দুখানি বৰ ৰা পৰিছে; গা ফোঁপোৱাত এতিয়াও তেওঁৰ বুকু খানি লৰিব লাগিছে; ঘাম-বিন্দুবোৰে কাণত পিন্ধা শিৰীষ-ফুল গুচাই আহি মুখত পৰিছেহি; আৰু খোপ মুকলি হোৱাত এহাতে বন্ধ। চুলিবোৰ আউল বাউল হইছে। এতেকে ময়ে তেওঁক মুকলি কৰে।। ( আঙঠি এটা দিব খোজে )। সখীয়েকহঁত (আঙঠিটোৰ ওপৰত কটা ৰাজাৰ নাম পঢ়ি ইজনীএ সিজনীৰ মুখলৈ চোৱাচোৱি কৰিবলৈ ধৰে)। ৰাজা–মোক আন ভাবিব নেলাগে; ৰাজাৰ পৰিগ্ৰহ দেখি মোক ৰাজপুৰুষ বুলি জানিব। প্ৰিয়ম্বদা-তেনেহলে এই আঙঠিটো অঙ্গুলিৰ পৰা আঁতৰোৱা যুগুত। ডাঙ্গৰীয়াৰ বচনতেই তেওঁ মুকলি হল। ( অলপকৈ হাঁহি ) হেৰা শকুন্তলা! ডাঙ্গৰীয়াৰ নাইবা মহাৰাজৰ অনুগ্ৰহত তুমি মুকলি হল, যোৱ এতিয়া। শকুন্তলা—( নিজৰ মনতে) পাৰিলেহে যাম। ( ফুটাই ) তুমি মোক এৰিবৰ বা কোন্ ৰাখিবৰ বা কোন্? ৰাজা—(শবুন্তলালৈ চাই,মনতে) এওঁৰ প্ৰতি মোৰ যেনে ভাৱ হৈছে, তেওঁৰো- নো মোৰ প্ৰতি তেনে ভাৱ হৈছেনে? নাইবা মোৰ অভিলাষ সঙ্গত, কিয়নো যদিও তেওঁ মোৰ লগত কথা নেপাতে, মই কথা কলে মন দি কাণ পাতি শুনে; আৰু যদিও মোৰ মুখলৈ চাই বহুৎ বেলি নেথাকে, আন বস্তুলৈকে। বেচি পৰ নেচায়। | [ নেপথ্যত ] ঔ তপসিসকল! তপস্বিসকল ঔ! তপোবনৰ জন্তু ৰক্ষা কৰিবলৈ সকলো চাপি আহোক। মৃগয়া কৰিবলৈ অহা দু্যন্ত বাজাই তপোবনৰ ওচৰ পাইছেহি। সেই নিমিত্তে সন্ধ্যাৰ সূৰ্যৰ নিচিনা ৰঙ্গা ধূলিবোৰ ঘোড়াৰ খোজত উড়ি আহি, ডালত তিতা-কাপোৰ-মেলি-দিয়া গছবোৰৰ ওপৰত কাকতি ফৰিঙ্গ পৰাদি পৰিছেহি। আৰু, এটা হাতী ৰথ দেখি ভয়ত পলাই লৰি আমাৰ তপস্যাৰ সাক্ষাৎ বিঘিনি যেন হৈ আশ্ৰমত প্ৰবেশ কৰিছেহি; স্ িআশ্ৰমৰ গছবোৰ খুন্দাত ভাঙ্গি আহিছে; ভয়ত উভতি চোৱাত তাৰ এটা দ্ৰুত কান্ধত লাগিছে গৈ; বলেৰে টানি অনাত এসোপালতাই তাৰ ভৰিত ফইৰ দৰে মেৰাই ধৰিছে; আৰু তাৰ ভয়ত পহুবোৰে জাক ভাঙ্গি পলাই গৈছে। [ কাণ দি শুনি আটাই কেইজনী ছোৱালী অলপ ভয়াতুৰ হয়। ]
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৫
অৱয়ব