৩৭১ শকুন্তলা। শকুন্তলা -- [ সখীয়েকক অঙ্গুলিৰে ডাবি দিএ ]। ৰাজা তুমি ঠিক অনুমান কৰিছা; সুচৰিত্ৰৰ কথা শুনাৰ যোগ্য, আৰু অলপমান | সুধিব লগীয়া আছে। অনসূয়া—বিচাৰ কৰিবৰ সকাম নাই; তপস্বীক অবাধে কথা সুধিব পাৰি। ৰাজা —তোমাৰ সখীয়াৰ সম্বন্ধে এই কথা জানিব খোজেঁ। যে, তেওঁৰ যেতিয়ালৈকে ( বিয়া দিয়া নহয়, তেতিয়ালৈকেহে কাম-বিৰোধী বানপ্ৰস্থ ব্ৰত ধৰি থাকিব, | নাইবা যাৱজ্জীৱনেই প্ৰিয় আৰু তুল্য-চকু-থকা হৰিণী বিলাকৰ লগত বাস কৰিব। প্ৰিয়ম্বদা-আৰ্য, ধৰ্মবিষয়তো এও পৰাধীনা; কিন্তু গুৰুৰ ইচ্ছা যে সজ দৰা পালে বিয়া দিএ। বাজা—( মনতে) মোৰ বাঞ্ছা দুঃসাধ্য নহয়। হৃদয়! তুমি এতিয়া আশ্বাসিত হোৱ; যি বুলি ভয় কৰিছিল৷ সি এতিয়া হাতেৰে চুব পৰা ৰত্ন। শকুন্তলা—( যেন খঙ্গ কৰি ) অনসূয়া মই যাও।। আনসূয়া-কিয়? শকুন্তলা -মূখত যিহকে আহিছে তাকে বকিছে, এই প্ৰিয়ম্বদা জনীৰ কথা গৌতমী আইৰ আগত কৈ দিও গৈ। কনসূয়া --সখি! অতিথি সৎকাৰ নকৰাকৈ এৰি তাপোন ইচ্ছামতে গুচি | যোৱাটো যুগুত নহয়। শকুন্তলা – ( একো উত্তৰ নিদি গৈ থাকে ]। ৰাজা —( শকুন্তলাক ধৰি আনিবলৈ যাওঁ বুলি ভাব কৰি নগৈ ৰৈ, মনতে) আহ! কামুক মানুহৰ কাম কেনে তাৰ প্ৰমাণ মই মনতে মুনিৰ জীয়েকক ধৰি আনিবলৈ যাবলৈ ধৰিয়েই, ই শিষ্টাচাৰ বিৰুদ্ধ কাম দেখি হঠাৎ ৰলো; মই এই ঠাইতে বৈ থাকিও যেন গৈ আকৌ উভতি আহিছে। প্ৰিয়ম্বদা—শকুন্তলাক আগছি ধৰি ) হেব। তুমি যাব নোৱাৰ।।। শকুন্তলা —( খঙ্গেবে ) কিয়? প্ৰিয়ম্বদা-গছৰ গুৰিত দিবলৈ তুমি মোক দুকলহ পানী ধাৰ দিব লাগে; আহা, এতিয়া নিজক ধাবৰ পৰা মুকলি কৰাঁহি, তাৰ পাচত যাবা। ( শকুন্তলাক বলেৰে ধৰি ওভোতই আনে)। ৰাজা-ভদ্ৰে! পানী দিওঁতেই তেওঁ বৰ ক্লান্ত হৈছে যেন দেখিছো। চোৱাচোন্ কলহ তেলোতে তেলোতে বা-বিচনি দুটি সৰি পৰে। যেন হৈছে আৰু
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩৪
অৱয়ব