পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃষকেতু। ৬৪৫ কৰ্ণ—আহা! মোৰ বোপাই কেন জ্ঞানৱান! . বৃষকেতু-দেউতা! আপোনাৰ জীৱন ধন্য। আই! তুমিও মহাপুণ্যৱতী। তোমালোকৰ মৰমৰ বস্তুৰে আজি পৰমেশ্বৰে পূজা পাব। মোৰ জীৱনে ধন্য। মোৰ আজি জন্মৰ সাৰ্থক হল। মোৰ অপবিত্ৰ সামান্য মাংস ফেৰা বামুণে খাব, ইয়াতকৈ কি সুখৰ বিষয় আছে? আজি মোৰ শুভ দিন আৰু ৰাতিও শুভক্ষণতে পুৱাল। বামুণ সকলো জাতিৰে ৰজা, সকলোৱে বামুণৰ পূজা কৰে। বামুণেৰে সৈতে ঈশ্বৰৰ ভেদ নাই। যি বামুণক মানে, সেয়ে ভগৱানক পায়। ভৃগুৰামে খং উঠি কৃষ্ণৰ বুকুত লাঠি মৰাত কৃষ্ণই বামুণে ভৰিত দুখ পালে বুলি তৎক্ষণাৎ ভৰিত ধৰি কত দুখ প্ৰকাশিলে! গোলক-বিহাৰী শ্ৰহৰিৰ চাৰিখন বেদেও সীমা নেপায়। তেনে শ্ৰীহৰি বামুণৰ দাস। ব্ৰহ্মশাপত দশৰথৰ দশা কি হল? শ্ৰীকৃষ্ণই বামুণক সিংহাসনত, বহুৱাই চৰণ পূজা কৰে। গঙ্গাকে আদি কৰি যিমান তীৰ্থবিলাক আছে, সকলোবোৰ বামুণৰ বুঢ়া আঙ্গুলিৰ ওপৰতে বিৰাজ কৰিছে। যি জনে ভক্তি ভাৱে বামুণৰ পাদোদক খায়, তেও অবিৰামে স্বৰ্গলৈ গতি কৰে। বামুণে একান্ত মনেৰে যাক আশিৰ্বাদ কৰে তেৱেই জগতত পূজনীয়। বামুণৰ সমান খঙাল পৃথিবীত কেও নাই।, ব্ৰহ্মশাগত পৰীক্ষিত ৰজাৰ সৰ্বনাশ ঘটিল। এতেকে মোক অবিলম্বে বামুণক অৰ্পন কৰি কৰ্তব্য পালন কৰাহঁক। পদ্মা—(কান্দি কান্দি) মোৰ সোণাইক নো কৰতেৰে ৰেপি বেপি এনে নিদাৰুণৰূপে কেনেকৈ বধ কৰে।! (কালে)। কৰ্ণ—(বেজাৰ মনেৰে ) উস্ কি নিদাৰুণ কথা উস্! উস্! | বৃষকেতু—বৃথা মোহ পৰিহাৰ কৰাহঁক। জীৱৰ মৰণ নাই, অৱস্থান্তৰ মাথোন। অজ্ঞানৰূপ মায়াৰে চকু ঢাক খাই থকাতহে এই বিলাক নিদাৰুণ বুলি ভাব হৈছে। | বুঃ বামুণ—( খংকৰি ) আজি মোক অনাহাৰে মাৰে। মহাৰাজ! ভোত প্ৰাণ যায়। আছে দান নাই সমিধান, অবাবত মোক কেলৈ বহুৱাই ৰাখিছা? মই যাও। • কৰ্ণ—প্ৰভু! দাস গৈছে। ক্ৰোধ পৰিহাৰ কৰক। মই সকলো ঠিক কৰিছে। বৃষকেতু—আহা! বামুণে ভোকত কষ্ট পাইছে। লৰালৰিকৈ খাবলৈ উপায় কৰি নিদিয়া নিতান্ত অধৰ্ম্ম হৈছে। শোক কৰিবৰ আৱশ্যক নাই খং উঠি গুচিযাব।