৬৪৬। অসমীয়া সাহিত্যৰ চানেকি। কৰ্ণ-কণ্টকী, যা কৰত খন লৈ আহগ। বামুণৰ আগতে কাটি দিব লাগে | (পটক্ষেপণ )। পঞ্চম দৰ্শন। ৰজাৰ সভা-ঘৰ। বামুণ বহি আছে। কৰ্ণ—(কৰযোৰ কৰি) প্ৰভু! সেৱকে সকলো ঠিক কৰি আহিছে। বুঃ বামুণ—( খং কৰি ) উস্! মোৰ ভোকত তৰণী নাই। ভাল টু-টুৱাই আছ। কত? মই খাওঁ। কৰ্ণ—প্ৰভূ! ৰাণীয়ে লৈ আহিছে। পদ্মা—(বৃষকেতুক কোলাত লৈ উপস্থিত হৈ, লাহেকৈ কোলাৰ পৰা নমাই থৈ বামুণক সেৱা কৰি ) প্ৰভু! দাসীয়ে বহুত পলম কৰিলে ক্ষমা কৰক। বুঃ বামুণ—তোমালোকৰ কেৱল এই ম ফাকি। মই যাওঁ ( যাবলৈ উপক্ৰম কৰি লাখুটি লয়) তিনিও বমুণৰ ভৰিত পৰিল, কণ্টকীয়ে হাতত কৰত খন লৈ আঠুকাঢ়ি অলপ নিলগতে থাকে)। | কৰ্ণ—দ্বিজৰাজ! সেৱকৰ দোষ মৰ্ষণ কৰি পণৰূপ ঋণৰ পৰা উদ্ধাৰ কৰক। বুঃ বামুণ—মোক প্ৰতাৰণা কৰা নিতান্ত অযুগুত। মই আগেয়ে কৈছে— আছে দান, নাই সমিধান। বাৰু যোৱা, মই চাই আছে, সৌখিনিতে দুয়ো হাঁহি হাঁহি কাটি পেলাই নি ৰান্ধি আনাগৈ। বৃষকেতু—(কণ্টকীক) বাই! তুমি মোক গোঁসাই ঘৰত থকা সেই ফুলৰ থালখন আনি দিয়া ( কন্টকী আনিবলৈ গল। অতি ভক্তি ভাৱে বৃষকেতুৱে বামুণৰ চৰণত ধৰি ) হে বিশ্বময় জগৎকৰ্ত্তা দয়াময় ভকতবৎসল হৰি, অনন্ত ব্ৰহ্মাণ্ড পতি অগতিৰ গতি প্ৰভু! তোমাৰ কৰুণাৰ সীমা নাই। আহা! মোৰ পামৰৰ মাংস ফেৰাৰ আজি ধন্য। প্ৰভু! তুমি পাপীক সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ আহিলা। ধন্য প্ৰভু তোমাৰ মহিমা। (কণ্টকী আহি ফুলৰ মালাৰ কঁহি খন দিয়ে, বৃষকেতুৱে চৰণত অৰ্পণ কৰি, মাকক আৰু বাপেকক পিন্ধাই এধাৰ নিজেও পিন্ধি নাচি নাচি গায় )
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৩০৯
অৱয়ব