(১)
প্ৰকৃতি।
আহা, কি শুৱনী শোভা প্ৰকৃতিৰ গাত!
যেনিয়ে চকুৰে চাওঁ, মনত তৃপিত পাওঁ
লতা তৃণ আদি কৰি, কাৰৰ নাই মাত,
সকলো নিস্তব্ধ, বন একেবাৰে সাঁত।
ভূচৰ খেচৰ সবো নিমাত হইছে,
কিনো শোভা বিতোপন, শীতল হইছে মন,
সুস্নিগ্ধতা অন্তৰত ক্ৰমে বিয়লিছে,
ক্ৰমে আনন্দত যেন মন উথলিছে।
দেখোঁতে দেখোঁতে ক্ৰমে হইছে গধূলি,
—আহা ভানু কি সুন্দৰ, কিবা বৰ্ণ শোভাকৰ,
হালধীয়া ৰঙাবৰ্ণ কোনে থৈছে ঘুলি!
কিন্তু, ৰবি অন্তৰ্হিত হইব সমূলি!
সি জন বা আছে কত গুপুত ভাৱেৰে,
যি জন সবাৰ পূজ্য, নিৰমিছে হেন সূৰ্য্য,
যি সূৰ্য্য এন্ধাৰ হৰি সৃষ্টি আলো কৰে,
জীৱ জন্তু ৰঙ্গ কৰে যাহাৰ পোহৰে।
এইদৰে যি সূৰুযে চলাইছে বসুধা,
ভূমণ্ডল-লোক-ভৰ্ত্তা, ৰবি নিৰমান-কৰ্ত্তা,
আছে ক’ত, ক’লৈ গ'লে দূৰ হ’ব ক্ষুধা,
অন্তৰ হ’ইব শুদ্ধ, পিম ভক্তি-সুধা।
(২)
গৰু খেদি ঘৰ-ফালে আহে গৰখীয়া,
গৰুৰ খুড়াত উঠি, ধূলি গৈ মুঠি মুঠি
পৰিছেগৈ বিৰিখত শুৱনি-পতীয়া,
হ'ইছে সকলো পাত বগা বৰণীয়া।