৬১ অনুতাপ। কি কাম কৰিলে। মই, দেখিছোঁ কণ্টকময়, এই যে পৃথিবী, হায়, সমুলঞ্চে মৰিলোঁ। সাধু-সঙ্গ পৰিহৰি পাপীৰ লগত পৰি, পাপৰ বান্ধেৰে মই দুটি পাৱ বান্ধিলোঁ। লভি আন-জ্যোতি-কণা বিবেচিলোঁ শুদ্ধমনা, হৰিত থাপিম ভক্তি, কিন্তু পাপ কৰিলোঁ। মায়াদেবী মিঠামাতে | মৰীচিকাময় হাতে আবৰিলে চকু, যেবে পৃথিবীত জন্মিলোঁ। হলোঁহি মদত মত্ত, পৰি পাচে যৌৱনত, সাধু-সঙ্গ পৰিহৰি, দুষ্ট সঙ্গে মিলিলোঁ। মান্ধ হৰিণ যেনে, আগপাচ মনে মনে, | নুশুনি সাধুৰ কথা বহুদূৰে তেজিলে।। দেখিলোঁ। কণ্টক আগে যেন জন্মেজয়-যাগে আকৰ্ষণী মন্ত্ৰে নাগ, মৃত্যুকুণ্ডে পৰিলে।। গভীৰ দীৰ্ঘিকা-বাৰি, | চিন্তি মনে মলহাৰী নেভাবি কি পৰিণাম, মহোল্লাসে জাঁপিলে।। কিন্তু কি কৰিম হায় নৰকৰ কুণ্ড প্ৰায় —উঠিবৰ চেষ্টা মিছা, হায় মই বুৰিলে।। এবে ময় নাৰায়ণ | যেন পক্ষী পক্ষ হীন • কৰা ৰক্ষা এইবাৰ, মিছা প্ৰাণ ধৰিলোঁ। অন্ধকূপে আছোঁ মই, | তুমি বিনে ৰক্ষা নাই পতিত-পাৱন, ৰাখা, সমুলঞ্চে মৰিলোঁ। ৭৬
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬৪
অৱয়ব