পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯১
তই।

মই যেন পূৱঁতীৰ,  নীলিম গগণ থিৰ,
  শোভাকৰ তই ভোটা তৰা।
নিশাৰ সপোনে সখি   থাকো তোক সদা দেখি,
  হিয়া মোৰ তোৰ ভাবে ভৰা।

নিলগে নিলগে থাক,  নিলগতে ভাল পাৱ,
  নিলগতে হাঁহি যাৱ তই।
নেজান অন্তৰ মোৰ,   কেনে কৰে হেতু তোৰ,
  -ভাবি মৰোঁ তোৰ কথা মই।

ফুলনি পোহৰ কৰি,  লাখে লাখে ফুল ফুলি,
  একেটি জোনলৈ মাথোঁ চায়,
তৰাৰ কোলাত বহি   ৰূপহী জোনায়ে হাঁহি,
  সকলোকে অমৃত বিলায়।

ৰূপৰ ভঁড়াল এই   সংসাৰ-ফুলনি চাই,
  তই কত পাৱ তিৰ পিতি!
শান্ত ভেটপাহি দৰে,  মই কিন্তু একে থৰে,
  তোক চাই পাওঁ মহা প্ৰীতি।