পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯০
অসমীয়া সাহিত্যৰ চানেকি।

চৰিছে জেউতি যত পদ্মৰাগ মণি,
পোহৰে হীৰাই য'ত নিৰজন খনি;
পোৱালে বন্ধোৱা পাৰ নীল সাগৰৰ,
আছে য'ত শোভা কৰি মুকুতা আকৰ;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
-নহয়, নহয় তাত সাদৰী সোণাই।

চকুৰে নে দেখি সোণ, সি সুখৰ স্থান,
কাণেৰে নুশুনি তাৰ আনন্দৰ গান॥
স্বপ্নত বৰ্ণোৱা টান সি সুখৰ ঠাই,
ৰোগ, শোক, জৰা, মৃত্যু সি দেশত নাই ,
ধ্বংশকাৰী সময়ৰ তাত হাত নাই,
মেঘৰ ওপৰে আছে সি সুখৰ ঠাই,
অমৰ সৌন্দৰ্য্য তাত বিৰাজে সদাই,
চিৰ সুখ, চিৰ শান্তি; সাদৰী সোণাই।

তই।

নীল আকাশলৈ চাই,   কিনো নাম গালি তই,
  —কিনো বীণা বজালি চিকোণ!
নিজম কদম তলে   যমুনাৰ উপকূলে,
  যেন বাঁহী গোপিনী মোহন।

নেজানো যে কি কাৰণে,   তোৰ প্ৰিয় পৰশনে,
  প্ৰাণ মোৰ কৰে উচাটন।
তই পাৰিজাত ফুল,  ফুলি কৰ বিয়াকুল,
  ধৰা যেন নন্দন কানন।