পল পল দণ্ড কৰি, সময় গৈছে উড়ি,
পাখী-লগা কাঁড়ৰ নিচিনা অবিৰাম।
বহুদূৰ আছে গতি, সময় তাকৰ অতি,
—কৰিব লগীয়া আমি আছে বহু কাম॥
দিন যায় আহে ৰাতি, আয়ুষ গৈছে টুটি,
লাহে লাহে চমু চাপি আহিছে মৰণ।
সংসাৰ যুজৰ ঠাই শুবৰ সকাম নাই,
কাছি-পাৰি যুজাঁ সবে কৰি প্ৰাণপণ॥
এলাহ-নিহালি থোৱা, বীৰবেশ গাত লোৱাঁ,
নহবা মৰাৰ প্ৰায় মানুহ-সন্তান।
নহবা গৰুৰ দৰে, খুচিলেহে খোজ ধৰে,
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান॥
কল্পনা চকুৰে চোৱাঁ, যেনেকি সুন্দৰ পোৱাঁ,
নকৰিবা দূৰ ভবিষ্যক পতিয়ন।
অতিত মৰিল, গল, তাৰ কথা অন্ত হল,
মনৰ পৰাই তাক কৰা বিসৰ্জন।
যিহকে আগত পোৱা, ততালিকে কৰি যোৱা,
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত।
সাহক সাৰথি কৰাঁ, ‘কৰ্তব্যৰ পাছে লৰাঁ,
ঈশ্বৰ কৰুণাময় আছে ওপৰত॥
মহা মহা পুৰুষৰ, চানেকিৰে জীৱনৰ
আমিও কৰিব পৰা জীৱন গঢ়িত।
অভিনয় শেষ হলে, জীৱনৰ অন্তকালে,
থই যাব পাৰোঁ খোজ সময় বালিত॥
কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে
জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই।
অঠাই পানীত পৰি, কক্ বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৩
জীৱন সঙ্গীত