সামৰণি।
ওপৰত উল্লেখকৰা স্বৰ্গীয় ৰায়বাহাদুৰে মোক অসীম স্নেহ কৰিছিল; এতিয়া তেওঁ স্বৰ্গলোকত। তেওঁৰ কৃপাতে মোৰ ৰেঙ্গুন দেখা হল। এতেকে মোৰ ক্ষুদ্ৰ ডায়েৰি তেওঁৰ পৱিত্ৰ নামে উৎসৰ্গ কৰিলোঁ।
⸻
জীৱন-সঙ্গীত।
শোকৰ কবিতা ৰচি, দুধাৰি চকুলো মছি,
নকবা জীৱন মিছা নিশাৰ সপোন।
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই,
মোহময় মায়াময় সকলো মাথোন॥
পুত্ৰ কন্যা পৰিবাৰ, কোন তৱ তুমি কাৰ,
বুলি হেৰাঁ, অকাৰ্য্যত নকৰাঁ বেজাৰ।
কলাঘুমটীয়া হই, আতমা যে আছে ৰই,
জানিবা মৰণ নাই এই আতমাৰ॥
অস্থায়ী মানৱ দেহা, কৰিম দু’দিন বেহা,
ফুৰিম দুদিন মাথো সংসাৰ হাটত।
দুদিনৰ অন্ত হলে, আয়ুষ ঢুকাই গলে,
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত॥
চকু, কাণ, নাক যাব, হাড়, ছাল সাং হব,
মাটিৰ মানুহ তুমি মাটিত মিলিবা।
অবিনাশী নিত্য ধন, অমৰণ, অভগণ,
অনন্ত উন্নতিশীল আতমা জানিবা॥
সদায় চকু-লো টোকা, দুখত মগন থকা,
ভোগ, সুখ, জীৱনৰ উদ্দেশ্য নহয়।
এনে ভাৱে কাম কৰাঁ, দিনে যেন আগ বাঢ়া,
প্ৰতিদিনে খোজ যেন আগলৈহে যায়॥