পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬১
মেঘ

দৰশিছোঁ কেতিয়াবা বিকট দৰ্শন,
 কৃষ্ণদেহে ক্ৰোধমনে,
 দিগন্ত বিয়পি ক্ষণে,
দৰশোৱা বিভীষিকা চপলা নৰ্ত্তন;
কপিছোঁ শুনিয়া তব ভীষণ গৰ্জ্জন॥

দৰশিছোঁ কেতিয়াবা শিলা বৰষণে,
 সযত্নে পালিত কত,
 শস্যগণ কৰা নষ্ট,
প্ৰাণী সবে বধকৰা বজ্ৰ নিক্ষেপণে,
ইমত নিৰ্দ্দয় তুমি, সোধো কি কাৰণে।

কি ভাবি হে মেঘ আজি শ্বেত কলেবৰে,
 শ্বেত যেন তুলা ৰাশি,
 কিম্বা বৰফৰ ৰাশি,
অতিক্ষুদ্ৰ আয়তনে, সুদূৰ অম্বৰে,
হুইলা উদয় কোৱা কি ভাবি অন্তৰে॥


⸻⸻⸻





৪৬