পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬০
অসমীয়া সাহিত্যৰ চানেকি।

দেখোঁতে জুৰায় চকু ক্ষুদ্ৰ আয়তনে,
উদিছা নতুন ভাবে সুকোমল মনে।

পূৰ্ব্ব দিশে ধীৰে ধীৰে বহে সমীৰণ,
তাহাক বাহন কৰি,
সহৰ্ষে স্কন্ধত চৰি,
ধীৰে ধীৰে ভাসি যোৱা গজেন্দ্ৰ গমন,
ধীৰে ধীৰে জলস্ৰোতে যেন হংস গণ॥

শান্ত মূৰ্ত্তি শান্তভাব কৰিছা ধাৰণ;
অমৃতেৰে দেহ ধুই,
আহিছা পবিত্ৰ হুই,
সৰল কোমল মনে দিছা দৰশন,
এই দশন আজি নয়ন ৰঞ্জন॥

ইৰূপ প্ৰশান্ত ভাব দৰ্শিলে তোমাৰ,
বিশ্বাস নহয় মনে,
তুমি যে এতিক্ষণে,
ঘুৰি পুনঃ ধৰিবাহা বিশাল আকাৰ।
কৃষ্ণ দেহে আন্ধাৰিবা সমস্ত সংসাৰ।

নহয় বিশ্বাস হেন কোমলতা হায় ,
কাঠিন্যে যে পৰিণত,
হইবেক নিমেষত,
ধৰিবা কল মুৰ্ত্তি ত্যজি ক্ষুদ্ৰকায়,
গৰ্জ্জিবা সুঘোৰ নাদে মেদিনী কঁপাই।

অথবা বিশ্বাস নহব কিয়? প্ৰত্যক্ষ প্ৰমাণ,
সদাই দেখিছোঁ আমি,
নানাৰূপ ধৰি তুমি,
ৰজা, বগা, হালধীয়া, কাঞ্চন সমান,
দেখা দিয়া ক্ষণে ক্ষণে ঢাকি শূন্য স্থান।