পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৭৪ অসমীয়া সাহিত্যৰ চানেকি। আজিলৈকে অজ্ঞানৰ এন্ধাৰত পৰি থাকিল, তাতোকৈ দুঃখৰ বিষয় এই যে, আগলৈ উঠি অহা কুমলীয়া ছোৱালীবিলাকৰৰ শিক্ষাৰ একো ভাল দিহা হোৱা নাই। শ্ৰীহট্ট অকলৈ এখনি জিলা হৈও স্ত্ৰীশিক্ষাৰ নিমিত্তে যি কৰিছে, আমাৰ অসম উপত্যকাৰ ৬ খন জিলাইও এশ ভাগৰ এভাগে কৰিব পৰা নাই। শ্ৰীহট্ট সন্মিলনীৰ নিচিনা সভা নো আমাৰ অসমত হব নোৱাৰে নে? মান মুনিহ। মান-মুনিহবিলাক দেখিবলৈ প্ৰায় আমাৰ দেশৰ আহোমবিলাকৰ নিচিনা। সিহঁতৰ নাক চেপেটা, চকু সৰু, দাড়ি সমুলঞ্চে নাই, গোঁফ দুডাল এডাল কোনো কোনোটোৰ কদাচিত দেখিবলৈ পোৱা যায়। মছলমানৰ নিচিনাকৈ সিহঁতে পোন্দ নমৰাকৈ চুৰীয়া পিন্ধে। মানদেশৰ সকলো মুনিহ মানুহে মূৰত এখন ৰুমাল মেৰাই লয়, আৰু ভৰিত ফানতিৰ নিচিনা চটিজোতা পিন্ধে। মানুহবিলাক, কিছু এলেহুৱা হলেও, সাহিয়াল। স্বাধীনতাৰ তপত তেজ সিহঁতৰ এতিয়াও একেবাৰে চেষ্টা হোৱা নাই। আমাৰ দেশৰ গাঁৱলীয়া মানুহ চাহাব এটা দেখিলে ভয়ত বিতৎ হয় কিন্তু মান-মানুহৰ ওচৰেদি চাহাব দহোটা গেলেও সিহঁতৰ দৃকপাত নাই। ১০ বজাৰ সময়ত ব্ৰেকফাষ্টৰ ঘণ্টাত কোব পৰিল। আমি আহাৰ কৰিবলৈ গলে। তাৰ পাছত এখন ঘোড়াৰ গাড়ী কেৰেয়াকৰি ৰেঙ্গুন নগৰ চাবলৈ গলে।।। ৰাজ-আলি।—ৰেঙ্গুন নগৰক এখন “সৰু কলিকতা” বুলিব পাৰি। আলি- বিলাক কলিকতাৰ দৰে বৰ বহল, দুয়ো কাষে ফুটপাথ আছে। ৰেনত মিউনিচি- পেলেটি আছে। সেই মিউনিচিপেলিটিয়ে বেলেগ বেলেগ ৰাস্তাৰ বেলেগ বেলেগ। নাম দিছে। যেনে, ঐৰাৱতীৰ কাষৰ আলিটোৰ নাম “স্ত্ৰেণ্ড’ ইংৰাজ-বেপাৰী থকা আলিটোৰ নাম, “মাৰ্চেন্ট ষ্ট্ৰীট,” চীনদেশৰ বাঢ়ৈ আৰু বেপাৰীবিলাক থকা আলিটোৰ নাম “চাইনা ষ্ট্ৰীট, কেমেণ্ডাই পঢ়াশালিলৈ যোৱা আলিটোৰ নাম, “কেমেণ্ডাই স্ত্ৰীট, ইত্যাদি। “মাৰ্চেন্ট ষ্ট্ৰীট” বোলা আলিটোৱেই ৰেনৰ ভিতৰত সকলো আলিতকৈ ধুনীয়া আৰু চাবলগীয়া।। ‘ৰেন টাইম” আৰু “ৰেন গেজেট” নামে দুখন দৈনিক কাকত এই মাৰ্চেন্ট ষ্ট্ৰীটৰ পৰাই দিনৌ ওলায়। গধূলি ঐৰাৱতীৰ কাষত বতাহ লবলৈ ভাল, আৰু নানাবিধ জাহাজ, নাও, কল, কাৰখানা দেখি মনত বৰ ৰং লাগে।