পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৭২ . অসমীয়া সাহিত্যৰ চানেকি। খেহ দেশৰ মানুহ আৰু কিছুমান মান্দ্ৰাৰ্জী। তেওঁলোকে ইংৰাজিৰে সুন্দৰকৈ কাম কাজ চলাইছে। বঙ্গালী কৰ্মচাৰীও কেইজনমান দেখিলো। কিন্তু এই দুটা অফিচতে তেওলোকৰ সংখ্যা তাকৰ। গড়কাপ্তেনি বা Public Works Department ত বঙ্গালীৰ সংখ্যা খুব বেছি। গোটেইখন ব্ৰহ্মদেশত বহুত বঙ্গালী কেৰাণী আছে। কাবুলৰ পৰা ব্ৰহ্মলৈকে আৰু নেপালৰ পৰা লঙ্কালৈকে এই ভূখণ্ডত বঙ্গালী কেৰাণী নোহোৱা ঠাই নাই। বঙ্গালীৰ কেৰাণী গিৰিক ধন্যবাদ! টেলিগ্ৰাফ অফিচতে কাম কৰা কলিকতা নিবাসী এজন বঙ্গালী বাবুৰে সৈতে কথা হৈ বৰ ভাল পালোঁ। বেঙ্গুন নগৰৰ কেইবাটাও আলিবাটেদি ফুৰি নগৰীয়া সকলৰ ঘৰ বাড়ী ইত্যাদি দেখি আবেলি ৫ বজাৰ পূৰ্বে হৰ্ষ মনেৰে আমাৰ হোটেললৈ উলটি আহিলোঁ। হোটেলৰ নম্বৰ ৪১-৪৫ চুলে পেগড়া ৰড। এই বাটটোতে “চুলে” নামেৰে পেগড়া বা বৌদ্ধ মন্দিৰ আছে। ' চুলে পেগড়া। এই মন্দিৰটিৰ ওপৰখন সস্মণোৱালী, দেখিবলৈ বৰ ধুনীয়া। মন্দিৰৰ ভিতৰত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি আছে। মানবিলাকে বৰ শ্ৰদ্ধাভক্তিৰে সৈতে এই মুৰ্তিক পূজা কৰে। চুলে পেগড়া মন্দিৰৰ নিমিত্তে আলিটোৰ নাম হৈছে “চুলে পেগডা ৰড”। | ৰাতি আহাৰ কৰি দুই বন্ধু শয্যাত পৰি গল্প কৰি থাকোতেই নিদ্ৰাদেবীয়ে লাহে লাহে আহি আমাৰ চকু দুটা মুদাই ধৰিলেহি। | ৰাতিপুৱা কাউৰীয়ে আহি আমাৰ খিলিকিৰ কাষত কঁা-কঁ কৰিলত সাৰ পাই উঠি বিছনা এৰিলো। হাত-মুখ ধুই পৰমেশ্বৰক আৰাধনা কৰিলোঁ। মহাত্মা ৰাজা। ৰাম মোহন ৰায়ে ৰচা তলত লিখা গানটি সদাই আমাৰ মনত পৰি আছিল;- “কি স্বদেশে কি বিদেশে যথায় তথায় থাকি, তোমাৰ ৰচনা মধ্যে তোমাৰে দেখিয়া ডাকি। দেশ ভেদে কাল ভেদে ৰচনা অসীম, প্ৰতিক্ষণে সাক্ষ্য দেয় তোমাৰ মহিমা, তোমাৰ মহিমা দেখি, নাথাকি একাকী।” ৰাতিপুৱা চাহ খাই ব্ৰিটিচ-ইণ্ডিয়া-হোটেলৰ দ্বিতীয় মহলৰ বাৰাণ্ডাত বহি আছে। চুলে-পেগডা আলিৰ ওপৰেদি ভাপৰ টেম গাড়ী ঘৰ, ঘৰ কৰি অহা