পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ৫৭১ | দুটা বজাত আমাৰ জাহাজ ৰেঙ্গুন নগৰৰ ঘাটত লাগিলহি। বন্দৰত জাহাজ আৰু মানুহৰ বৰ ভিড়। জাহাজ চপা মাত্ৰকে অনেক মুটিয়া বা মোটবাহক কুলি জহাজত উঠিলহি। “ৰেন গেজেট” আৰু “ৰেন টাইমচ” নামেৰে স্থানীয় প্ৰধান দৈনিক কাকতত যোৱা কালিয়েই আমাৰ জাহাজৰ প্ৰথম শ্ৰেণীৰ যাত্ৰী সকলৰ নাম ছপা দেখিলোঁ। সুতৰ” আমিও আমাৰ নাম সেই কাকতত ছপা দেখিলো। “ব্ৰিটিচ ইণ্ডিয়া হোটেল” “চাৰ্কিজ হোটেল,” “ইভাৰচেড় হোটেল” নামেৰে কেইটিমান প্ৰধান প্ৰধান হোটেল বা পান্থশালা ৰেঙ্গুনত আছে। সেইবিলাক হোটেলৰ পৰা আমাৰ প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ প্ৰত্যেকৰ নামে একোখন ছোৱা কাৰ্ড আহিছিল। আমি ওচৰৰ দহজনক সুধি পুছি, “ব্ৰিটিচ ইণ্ডিয়ান হোটেললে” যোৱাকে ঠিক কৰি, জাহাজৰ পৰা নামি মান-দেশৰ ভূমিত পদাৰ্পন কৰিলো। কলিকতাৰ দৰে ৰেঙ্গুনৰ ঘটতে অনেক Ilackney-Carriage বা ঘোড়াই টন গাড়ী কেৰেয়ালৈ পোৱা যায়। কিন্তু ভাড়াৰ নিৰিখ কলিকতাতকৈ বেলেগ। গাড়োৱানক “ব্ৰিটি ইণ্ডিয়া হোটেললৈ লৈ যাবলৈ অনুমতি কৰি আমি এখন গাড়ীৰ ভিতৰত উপবেশন কৰিলো। আমাৰ চাকৰ গাড়ীৰ আগত বহি গল। ব্ৰিটিচ্ ইণ্ডিয়া হোটেল। আমাৰ গাড়ী আহি হোটেলৰ দুৱাৰমুখত ৰলহি। “চুলে পেগডা ৰড়” নামেৰে এটা ডাঙ্গৰ আলিৰ কাষত এই হোটেলটি আছে। টমাচ ডচ চাহাব এই হোটেলৰ গৰাকী। হোটেলৰ দুৱৰীয়ে গৰাকীৰ আগত আমাৰ অহাৰ সংবাদ কলত তেওঁ ভিতৰৰ পৰা আথেবেথে ওলাই আহি আমাক সন্ত্ৰমেৰে সৈতে লৈ গল। হোটেলটি কাঠেৰে সজা, দুই মহল ঘৰ। কাঠৰ ওপৰত সুন্দৰকৈ ৰং লগাই ঘৰটি দেখিবলৈ বৰ পৰিপাটি কৰিছে। ওপৰৰ মহলতকৈ তলৰ মহলৰ ভাড়া কিছু কম। অমাক মিঃ ডচনে প্ৰত্যেক খোটালিৰ দুৱাৰ মুকলি কৰি দেখুৱালে। মোৰ লগৰীয়া বন্ধুবৰ ৰুগীয়া হোৱা বাবে আমি ওপৰৰ মহলত থাকিৰৰ ঠিক কৰি তাৰে এটা খোটালি ভাড়া কৰি ললো। ৩ বাজাৰ পাছত চাহ আৰু ৰুটি খাই। অলপ জিৰাই টেলিগ্ৰাফ অফিচলৈ গলো।। | টেলি গ্ৰাহ্ অফিচ্।। টেলিগ্ৰাফ অফিচটো এটা প্ৰকাণ্ড দুই মহল ঘৰ। তলৰ মহলত ডাক ঘৰ আৰু ওপৰৰ মহলত টেলিগ্ৰাফ অফি। কৰ্মচাৰী সকলৰ কিছুমান মান আৰু