পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬৩
হঁহা কন্দা

 লাজে সোতমোট খাই,
 মুখখনি গহিনাই,
তেতিয়াই তুলি লব ওৰণি মূৰত।

প্ৰিয়তমাৰ চিঠি।

সৌন্দৰ্যৰ বুকুৰ কাঁচলি উদঙাই,
প্ৰকৃতিৰ চো-ঘৰ চালোঁ পিতপিত;
কুকুৰা-ঠেঙ্গীয়া এই আখৰ কিটিত,
যি.অমিয়া ঘঁহা আছে কতো আৰু নাই।
কবি-নিকুঞ্জত ফুলি কত কবিতাই,
মলয়াত উটি উটি ফুৰে পৃথিবীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।
ফুল ফুলে সৰি যায় শুকায় বননি,
বসন্তৰ কুঁহি পাত ৰদত লেৰেলে;
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহি, ন ন ফুল মেলে,।
যত সুঙ্গো, চুমা খাওঁ, নালাগে আমনি,
হৃদয়ত হেপাহৰ ভোটাতৰা জলে।

হঁহা কন্দা।

সংসাৰৰ দলনিৰ এচুক শুৱাই,
সৰল শৰালি হালি ফুৰিছিল চৰি,
আছিল দুয়োটি কেনে দুইকো আবৰি,
স্বৰগৰ প্ৰেমৰ চানেকি দেখুৱাই।
নাছিল ধুমুহা ডাৱৰৰ সঁচ নাই,