পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬২
অসমীয়া সাহিত্যৰ চানেকি।

  এপাহি পদুম।



ফটিকৰ ধাৰ যেন নিজনি বিলত,
 কোমল পদুম পাহি,
 কেনেকৈ ভাহিছে!
ময়লাত উৰি অহা প্ৰেমৰ গীতটি।
 একে থৰে শুনি শুনি,
 কেনেকৈ হাঁহিছে!
দেহি ঐ কেনেকৈ জিলিঙনি কিটি,
সৰু ঢৌ কেইটিৰ বোকোচাত উঠি,
পদুমৰ মুখ চাই, কি যেন ফটিকা খাই, '
 ঢলি ঢলি লৰি আহি
 সাবতি ধৰিছে।
এটাইকিটিয়ে কেনে আলফুল কৰি
 মুখতে লগাই মুখ
 মৰম কৰিছে।
মলয়া বতাহ হৈ ময়ো যেন গৈ,
 পদুমৰ কাণে কাণে,
 সি গীতটি গাম;
ঢৌটিতে উঠি যেন জিলিঙনি হৈ,
 ময়ো যেন তেনেকৈয়ে,
 চুমা এটি খাম।
আলফুল কৰি যেন বুকুত শুৱাই
টোপনিতে লালকাল মুখ খনি চাম।
কিন্তু মই কি যে হুতাশন,
দেখিলেই হব মোক এটাইটি লীন;-
 বতাহ বলা হব,
 ঢৌকিটি মাৰ যাব,
জিলিঙনিকিটি গৈ লুকাব মেঘত,
লাজুকী লতাৰ দৰে পদুম পাহিয়ে